১৫আগষ্টৰ ভিতৰত ৰাজ্যবাসীক কোভিড ভেকচিন দিয়াৰ লক্ষ্য স্বাস্থ্যবিভাগৰ…

১৫আগষ্টৰ ভিতৰত ৰাজ্যবাসীক কোভিড ভেকচিন দিয়াৰ লক্ষ্য স্বাস্থ্যবিভাগৰ…

১৫আগষ্টৰ ভিতৰত ৰাজ্যবাসীক কোভিড ভেকচিন দিয়াৰ লক্ষ্য স্বাস্থ্যবিভাগৰ…

ডিজিটেল ডেস্কঃ ভাল খবৰ! কোভিড ভেকচিনৰ বাবে আৰু চিন্তা কৰিব নালাগে। ৰাজ্যৰ প্ৰতিজন নাগৰিকেই পাব কোভিড ভেকচিন। ৰাজ্যৰ স্বাস্থ্য বিভাগে ৰাজ্যবাসীক কোভিড ভেকচিন দিয়াৰ বাবে বিশেষ উদ্যোগ গ্ৰহণ কৰিছে। স্বাস্থ্য বিভাগে ২১জুনৰ পৰা কোভিড ভেকচিন প্ৰদানৰ এক ব্যাপক অভিযান আৰম্ভ কৰিব।

স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই সংবাদমাধ্যমৰ আগত এই কথা ব্যক্ত কৰিছে। মন্ত্ৰীগৰাকীয়ে সদৰি কৰ মতে, ১৫ আগষ্টৰ ভিতৰত প্ৰতিজন লোককে কোভিড ভেকচিন প্ৰদানৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। অৱশ্যে ৰাজ্যত এতিয়া কোভিড ভেকচিনৰ নাটনিয়ে দেখা দিছে। প্ৰথম ড'জ কোভিড ভেকচিন লোৱা বহুলোকে দ্বিতীয় ড'জৰ কোভিড ভেকচিন এতিয়াও লাভ কৰা নাই।

স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই লগতে ব্যক্ত কৰে যে, ১৫জুনৰ পৰা ৰাজ্যৰ কোভিড পৰিস্থিতি উন্নত হব বুলি আশা কৰা হৈছে। ইফালে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ১ৰ পৰা ১৫ আগষ্টৰ ভিতৰত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা অনুষ্ঠিত হব বুলি ইংগিত প্ৰদান কৰিছিল।

ইয়াৰ পূৰ্বে পৰীক্ষাত অৱৰ্তীণ হ'ব লগা প্ৰতিজন ছাত্ৰ-ছাত্ৰী, শিক্ষক আৰু পৰীক্ষাত সৈতে জড়িত হোৱা বিষয়া-কৰ্মচাৰী তথা ব্যক্তিক কোভিড ভেকচিন প্ৰদান কৰা হব বুলি ঘোষণা কৰিছিল। তাৰপাছতে স্বাস্থ্যমন্ত্ৰী মহন্তই এই গুৰুত্বপূৰ্ণ মন্তব্য কৰে। ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ অনুসৰি ব্যক্তিগত খণ্ডৰ চিকিতসালয়তল কোভিড ভেকচিন প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

চৰকাৰে সদৰি কৰা মতে, কোভিশীল্ড প্ৰতি ড'জৰ মূল্য ৭৮০টকা, কভাশ্যিনৰ প্ৰতি ড'জৰ মূল্য ১৪১০টকা আৰু স্পুুটিকৰ প্ৰতিজনৰ মূল্য ১১৪৫টকা ধাৰ্য কৰিছে। ব্যক্তিগতখণ্ডৰ নাৰ্চিং হোমৰ বাবে এই মূল্য নিৰ্ধাৰণ কৰিছে চৰকাৰে। এতিয়া লক্ষ্যণীয় হব ব্যক্তিগত খণ্ডক চিকিতসালয়তো কোভিড ভেকচিন উপলদ্ধ হোৱাৰ পিছত ৰাজ্যৰ স্বাস্থ্য বিভাগে সকলোকে ভেকচিন দিয়া এই লক্ষ্যত নিৰ্ধাৰিত সময়ৰ ভিতৰত উপনীত হব পাৰিবনে?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in