বন্ধ আন্তঃজিলা যাতায়ত, ধুবুৰীৰ পৰা গুৱাহাটীলৈ এজন যাত্ৰীৰ ভাড়া ১,২৫০টকা…

বন্ধ আন্তঃজিলা যাতায়ত, ধুবুৰীৰ পৰা গুৱাহাটীলৈ এজন যাত্ৰীৰ ভাড়া ১,২৫০টকা…

বন্ধ আন্তঃজিলা যাতায়ত, ধুবুৰীৰ পৰা গুৱাহাটীলৈ এজন যাত্ৰীৰ ভাড়া ১,২৫০টকা…

ডিজিটেল ডেস্কঃ কোভিডৰ বাবে ৰাজ্য চৰকাৰে জাৰি কৰিছিল বহু নীতি-নিৰ্দেশনা। দেশৰ অন্য প্ৰান্তৰ লগতে অসমতো কোভিড সংক্ৰমণ বৃদ্ধি হোৱাৰ সময়ত জাৰি কৰা এনে নীতি-নিৰ্দেশনা এতিয়া ধোৱাঁ চাঙত উঠিছে। কোভিড সংক্ৰমণ বৃদ্ধি হোৱাৰ সময়ত ৰাজ্যখনত প্ৰশাসনে আন্তঃজিলা যান-বাহন চলাচলৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছিল।

এই নিষেধাজ্ঞাৰ উপৰিও যুগ্ম আৰু অযুগ্ম সংখ্যাৰ যান-বাহন চলাচলৰ বাবে নিৰ্দেশ দিয়া হৈছিল। এদিন যদি যুগ্ম সংখ্যাৰ পঞ্জীয়ন নম্বৰৰ বাহন চলে, পিছদিনা অযুগ্ম সংখ্যাৰ বাহন চলাচলৰ নিয়ম কৰা হৈছিল। তেনেবোৰ নিয়ম এতিয়াও সাধাৰণ লোকৰ বাবে কাৰ্যকৰী হৈ আছে।

আন্তঃজিলা যাতায়তৰ ক্ষেত্ৰত চৰকাৰে এতিয়াও নিষেধাজ্ঞা আতঁৰোৱা নাই। এই সুযোগ গ্ৰহণ কৰি বিশেষ অনুমতি লৈ এচাম চালকে ৰমৰমীয়া ব্যৱসায় আৰম্ভ কৰিছে। ধুবুৰীৰ পৰা গুৱাহাটীলৈ ৩৫০টকা ভাড়া যদিও অনুমতি লৈ বাছ চলোৱা বুলি এচাম বাছে যাত্ৰীৰ পৰা ৪গুণৰো অধিক ভাড়া সংগ্ৰহ কৰিছে।

বিশেষ প্ৰয়োজনত যাতায়ত কৰিব লগা হোৱা যাত্ৰীসকলে বৰ্দ্ধিত এই ভাড়াৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰিলেও বাছ কৰ্তৃপক্ষই সকলোকে মেনেজ কৰি বাছ চলাব হৈছে বুলি উত্তৰ দি বিষয়টো গা এৰা দিয়ে। ইফালে তিনিচুকীয়া, ধেমাজি, লখিমপুৰ আদিৰ স্থানৰ পৰাও অনুমতি সাপেক্ষে একাংশই বাছ বা আন সৰু বাহনৰ জৰিয়তে যাত্ৰী অনা-নিয়া কৰি আছে।

এই সৰু বাহনবোৰে তিনিচুকীয়াৰ পৰা গুৱাহাটীলৈ আহিব লগা একোজন যাত্ৰীৰ পৰা ভাৱিব নোৱাৰা ধৰণে ভাড়া আদায় লয়। সৰু বাহন বোৰে সেই সুযোগ গ্ৰহণ কৰি নিয়মিত ভাড়াতকৈ চাৰি-পাঁচগুণ অধিক ভাড়া সংগ্ৰহ কৰিছে। যদিও এই বিষয়টো পৰীক্ষা কৰিবলৈ বাট-পথত নাই পৰিবহন বিষয়া বা আৰক্ষীৰ দল।

অভিযোগ মতে, জিলা প্ৰশাসনৰ এচাম বিষয়া, আৰক্ষী আৰু পৰিবহন বিভাগৰ কিছু বিষয়াই মিলি এইদৰে আন্তঃজিলা যাতায়ত বন্ধ হৈ থকা সময়ত বিশেষ অনুমতি পত্ৰৰে এই বাহনবোৰক চলাচলৰ সুবিধা কৰি দিছে। ভুক্তভোগী যাত্ৰীয়ে বিষয়টো ৰাজ্য প্ৰশাসনৰ লগতে পৰিবহন বিভাগ আৰু আৰক্ষী সঞ্চালক প্ৰধানৰো দৃষ্টিগোচৰ কৰিব বিচাৰিছে।

কোভিডৰ সময়ত এই যান-বাহনসমূহৰ মালিক বা চালকসকলে যিধৰণ সমস্যাৰ সন্মুখীন হৈছে, একেই পৰিস্থিতি সন্মুখীন হৈছে যাত্ৰীসকলেও। তেনেক্ষেত্ৰত বিপদত পৰা সেই যাত্ৰীসকলৰ পৰা আন্তঃজিলা যাতায়ত বন্ধ থকাৰ কথা দোহাই দি এনেদৰে অধিক হাৰত ভাড়া আদায় কৰা কাৰ্যই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in