দেশত হ্ৰাস পাইছে কোৰোনাত আক্ৰান্তৰ সংখ্যা

দেশত হ্ৰাস পাইছে কোৰোনাত আক্ৰান্তৰ সংখ্যা

দেশত হ্ৰাস পাইছে কোৰোনাত আক্ৰান্তৰ সংখ্যা

ডিজিটেল ডেস্কঃ দেশত ক্ৰমান্বয়ে হ্ৰাস পাইছে কোৰোনাত আক্ৰান্তৰ সংখ্যা। যোৱা ৬৩ টা দিনত ধাৰাবাহিকভাৱে প্ৰতিদিনে ১ লাখৰো অধিক লোক কোৰোনাত আক্ৰান্ত হৈ আহিছিল। কিন্তু কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত নতুনকৈ কোৰোনাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ১ লাখৰ তলত। বিগত ২৪ ঘণ্টাত দেশত কোৰোনাত নতুনকৈ আক্ৰান্ত হৈছে ৮৬,৪৯৮ জন লোক।

আনহাতে একেসময়তে বিগত ২৪ ঘণ্টাত কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যাও হ্ৰাস পাইছে। বিগত ২৪ ঘণ্টাত কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হোৱা ব্যক্তিৰ সংখ্যা ২১২৩ জন।

জুনৰ ১ তাৰিখৰ পৰা বৰ্তমানলৈকে দেশত কোৰোনাত আক্ৰান্ত হোৱাৰ ব্যক্তিৰ সংখ্যা আৰু মৃত্যু হোৱা ব্যক্তিৰ সংখ্যালৈ লক্ষ্য কৰিলে দেখা যায় যে, ধাৰাবাহিকভাৱে দেশত কোৰোনাৰ সংক্ৰমণ হ্ৰাস পাই আহিছে। যোৱা ১ জুনত দেশত নতুনকৈ কোৰোনাত আক্ৰান্ত হৈছিল ১৩৩,২২৮ গৰাকী ব্যক্তি। একেটা দিনত কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হোৱা ব্যক্তিৰ সংখ্যা আছিল ৩২০৫ গৰাকী। একেদৰে ২ জুনত নতুনকৈ কোৰোনাত আক্ৰান্ত হয় ১৩৪,১০৫ গৰাকী আৰু মৃত্যু হয় ২৮৯৯ গৰাকী ব্যক্তি। ৩ জুনত নতুনকৈ কোৰোনাত আক্ৰান্ত হয় ১৩১,৩৭১ গাৰকী ব্যক্তি আৰু মৃত্যু হয় ২৭০৬ গৰাকী ব্যক্তিৰ। ৪ জুনত নতুনকৈ কোৰোনাত আক্ৰান্ত হয় ১২১,৪৭৬ গৰাকী ব্যক্তি আৰু মৃত্যু হয় ৩৩৮২ গৰাকী ব্যক্তিৰ। ৫ জুনত নতুনকৈ কোৰোনাত আক্ৰান্ত হয় ১১৪,৫৩৭ গৰাকী ব্যক্তি আৰু মৃত্যু হয় ২৬৮৩ গৰাকী ব্যক্তিৰ। আনহাতে কালিৰ দিনটোত অৰ্থাত ৬ জুনত দেশত নতুনকৈ কোৰোনাত আক্ৰান্ত হয় ১০১,২৩২ গৰাকী আৰু মৃত্যু হয় ২৪৪৫ গৰাকী ব্যক্তিৰ। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ এই তথ্যলৈ মন কৰিলে দেখা যায় যে ধাৰাবাহিকভাৱে দেশত কোৰোনাত আক্ৰান্ত হোৱাৰ লোকৰ সংখ্যা হ্ৰাস পাই আহিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in