বজ্ৰ পৰি ২৭গৰাকীকৈ লোকৰ মৃত্যু…

বজ্ৰ পৰি ২৭গৰাকীকৈ লোকৰ মৃত্যু…

ডিজিটেল ডেস্কঃ প্ৰচণ্ড বৃষ্টিপাতৰ পাছত বজ্ৰপাত পৰি মৃত্যু হৈছে ২৭গৰাকীকৈ লোকৰ। এই শোকাৱহ ঘটনা সংঘটিত হৈছে পশ্চিম বংগত। পশ্চিম বংগৰ ৬খন জিলাত বজ্ৰপাত পৰি মৃত্যু হৈছে ২৭গৰাকীকৈ লোকৰ। ইয়াৰে হুগলী জিলাত ১১গৰাকী, নদিয়াত ১গৰাকী, মুৰ্চিদাবাদত ৯গৰাকী, পশ্চিম মিদনাপুৰত ২গৰাকী, পূব মিদনাপুৰত দুগৰাকী আৰু বাকুড়া জিলাত ২গৰাকী লোকৰ মৃত্যু হৈছে।

এই শোকাৱহ ঘটনাৰ পাছতে মৃতকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। টুইটযোগে প্ৰধানমন্ত্ৰীয়ে আঘাতপ্ৰাপ্ত সকলো লোক সোনকালে আৰোগ্য হোৱা কামনা কৰিছে। স্থানীয় সংবাদমাধ্যমত প্ৰকাশিত খবৰ অনুসৰি মৃত্যু হোৱা অধিকাংশ লোকেই পথাৰত কৰ্মৰত অৱস্থাত আছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in