কোপা আমেৰিকাত কোৰোনাৰ প্ৰৱেশঃ স্তব্ধ হোৱা নাই উন্মাদনা….

কোপা আমেৰিকাত কোৰোনাৰ প্ৰৱেশঃ স্তব্ধ হোৱা নাই উন্মাদনা….

কোপা আমেৰিকাত কোৰোনাৰ প্ৰৱেশঃ স্তব্ধ হোৱা নাই উন্মাদনা….

ডিজিটেল ডেস্কঃ কোৰোনাৰ সন্ত্ৰাসেও স্তব্ধ কৰিব পৰা নাই ফুটবলৰ উন্মাদনাক। কোৰোনাৰ সংক্ৰমণৰ ভয়াবহতাৰ মাজতো বিশ্ববাসীক পদশীল্পৰ সৌন্দৰ্য উপভোগ কৰাৰ পৰা বঞ্চিত কৰা নাই পদশীল্পকাৰসকলে। নানান প্ৰতিবন্ধকতাক নেউচি ফুটবলৰ দেশ ব্ৰাজিলত অনুষ্ঠিত হোৱা কোপা আমেৰিকাত অংশগ্ৰহণ কৰা কৰা মুঠ ১০ খন দেশৰ ৩১ গৰাকী ফুটবলাৰ আৰু দলীয় মেনেজমেণ্টৰ ব্যক্তিৰ দেহত কোৰোনাৰ উপস্থিতি ধৰা পৰিছে। ইয়াৰ উপৰিও ফুটবলাৰসকলে বাহৰ পতা হোটেলৰ ১০ গৰাকীকৈ কৰ্মচাৰীৰ দেহত কোৰোনাৰ উপস্থিতি ধৰা পৰিছে যদিও বৰ্তমানলৈকে স্তব্ধ হোৱা নাই ফুটবলৰ উন্মাদনা।

জানিব পৰা মতে কোপো আমেৰিকাত অংশগ্ৰহণ কৰা লেটিন আমেৰিকাৰ ১০ খন দেশ আৰ্জেণ্টিনা, ভেনিজুৱেলা, কলম্বিয়া, ইকুৱেডৰ, চিলি, পাৰাগুৱে, বলিভিয়া, পেৰু, উৰুগুৱে আৰু ব্ৰাজিলৰ খেলুৱৈ তথা দলীয় মেনেজমেণ্টৰ ব্যক্তিৰ কোৰোনা পৰীক্ষা কৰা হৈছিল।ইয়াৰ পিছতেই মুঠ ৩১ গৰাকী খেলুৱৈ আৰু দলীয় মেনেজমেণ্টৰ ব্যক্তিৰ দেহত কোৰোনাৰ উপস্থিতি ধৰা পৰিছে। আনহাতে খেলুৱৈসকল বাহৰ পতা হোটেলৰ কৰ্মচাৰীসকলৰ কোৰোনা পৰীক্ষা কৰাত মুঠ ১০ জন কৰ্মচাৰীৰ দেহত কোৰোনাৰ উপস্থিতি ধৰা পৰিছে। প্ৰতিযোগিতাখনৰ মাজত এইদৰে কোৰোনাই প্ৰৱেশ কৰিছে যদিও খেলুৱৈ তথা উদ্যোক্তাক যেন তলাব পৰা নাই মাৰাত্মাক ভাইৰাছটোৱে। কোৰোনাৰ সংক্ৰমণৰ মাজতে অনুষ্ঠিত হৈ আছে কোপো আমেকৰিকা প্ৰতিযোগিতা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in