গণিতৰ জটিল সূত্ৰ জিভাৰ আগতঃ ১৪বছৰ বয়সতে বিশ্ববিদ্যালয়ৰ অধ্যাপক য়াছা…VIDEO

গণিতৰ জটিল সূত্ৰ জিভাৰ আগতঃ  ১৪বছৰ বয়সতে বিশ্ববিদ্যালয়ৰ অধ্যাপক য়াছা…VIDEO

গণিতৰ জটিল সূত্ৰ জিভাৰ আগতঃ ১৪বছৰ বয়সতে বিশ্ববিদ্যালয়ৰ অধ্যাপক য়াছা…

ডিজিটেল ডেস্কঃ মাত্ৰ ১৪বছৰ বসয়ত এখন বিশ্ববিদ্যালয়ৰ গণিতশাস্ত্ৰৰ অধ্যাপক। আচৰিত যেন লাগিছে নহয় কথাটো শুনি। কিন্তু আচৰিত যেন লাগিলেও এয়াই সত্য। ১৪বছৰীয়া এটি কিশোৰ ইংলেণ্ডৰ দৰে উন্নত এখন দেশৰ আগশাৰীৰ লীছেষ্টৰ বিশ্ববিদ্যালয়ৰ গণিত শাস্ত্ৰৰ অধ্যাপক। য়াছা এস্লে নামৰ ১৪বছৰীয়া এই কিশোৰটিক প্ৰথমে বিশ্ববিদ্যালয়খনত অতিথি অধ্যাপক হিচাপে নিযুক্তি প্ৰদান কৰা হৈছিল। বিভিন্ন সংবাদমাধ্যমত প্ৰকাশিত খবৰ অনুসৰি, সেইখন বিশ্ববিদ্যালয়ৰ পৰাই কম বয়সতে স্নাতকোত্তৰ ডিগ্ৰীও লাভ কৰে য়াছাই।

গণিতত অবিশ্বাস্যভাৱে দখল থকা য়াছাক তেওঁৰ পৰিয়ালৰ লোকে মানৱ কেলকুলেটৰ আখ্যা দিছে। তেওঁৰ পিতৃয়ে পুত্ৰৰ এই অবিশ্বাস্য শক্তিৰ সন্দৰ্ভত কয় যে, য়াছাৰ এক অদ্ভুদ শক্তি আছে। যি শক্তি সকলোৰে নাথাকে। ডিগ্ৰী লোৱাৰ পাছত এতিয়া পি এইচ ডিৰ বাবে যোজা কৰিছে বুলি জনাই পিতৃয়ে।

য়াছা বৰ্তমান বিশ্ববিদ্যালয়খনৰ স্থায়ী গণিতৰ অধ্যাপক। ১৩বছৰ বয়সতে বিশ্ববিদ্যালয়খনৰ সংযুক্ত হৈ পৰা য়াচাৰ গণিত শিকোৱাৰ পদ্ধতি দেখি স্তম্ভিত হৈ পৰিছিল তাত উপস্থিত থকা বিশেষজ্ঞ অধ্যাপকৰ পেনেল। যাৰ পাছতে য়াচাক অতিথি অধ্যাপক হিচাপে নিযুক্তি প্ৰদান কৰিছিল। ইৰানী মূলৰ মুছলিম সম্প্ৰদায়ৰ কিশোৰগৰাকীক এই নিযুক্তিৰ বাবে মানৱ সংসাধন মন্ত্ৰালয়ৰ পৰা বিশেষভাৱে অনুমতি লব লগা হৈছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in