দেশত হ্ৰাস পাইছে কোৰোনাৰ সংক্ৰমণঃ যোৱা ২৪ ঘন্টাত ১,১৪,৪৬০জন কোভিড পজিটিভ…

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃ দেশত প্ৰতিদিনাই ক্ৰমাৎ হ্ৰাস পাবলৈ ধৰিছে নতুনকৈ কোৰোনা ত আক্ৰান্ত লোকৰ সংখ্যা। ইয়াৰ লগতে কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰো সংখ্যা কমিছে পূৰ্বৰ তুলনাত। দেওবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ তৰফৰ পৰা প্ৰকাশ কৰা তথ্য মতে, যোৱা ২৪ ঘন্টাত ভাৰতত নতুনকৈ ১১৪৪৬০জন লোক কোৰোনাত আক্ৰান্ত হৈছে। এই সংখ্যা যোৱা দুমাহত সৰ্বনিম্ন।

ইফালে, এই সময়চোৱাত দেশত কোৰোনা ত ২৬৭৭জন ৰোগীৰ মৃত্যু হৈছে। উল্লেখ্য যে, দেশত নতুনকৈ কোৰোনাত আক্ৰান্ত হোৱা লোক কেইজনৰ পাছত এই ভাইৰাছত বৰ্তমানলৈ আক্ৰান্ত লোকৰ সংখ্যা ২৮৮০৯৩৩৯জনলৈ বৃদ্ধি পালে আৰু মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে ৩৪৬৭৫৯জনলৈ।

লক্ষণীয় যে, ভাৰতত আৰোগ্য লোকৰ সংখ্যাও বৃদ্ধি পাইছে। যোৱা ২৪ ঘন্টাত দেশত সুস্থ হৈছে ১৮৯২৩২জন লোক। আৰু ইয়াৰ পাছতে বৰ্তমানলৈ দেশত আৰোগ্য লোকৰ সংখ্যা ২৬৯৮৪৭৮১জনলৈ বৃদ্ধি পালে। আনহাতে, বৰ্তমানেও চিকিৎসাধীন হৈ আছে ১৪৭৭৭৯৯জন কোৰোনাত আক্ৰান্ত ৰোগী। যোৱা ২৪ ঘন্টাৰ এই সময়চোৱাত দেশত নতুনকৈ কোৰোনাত সংক্ৰমিত লোকৰ তুলনাত আৰোগ্য হোৱা লোকৰ সংখ্যা অধিক। যি এক ভাল খবৰ। বৰ্তমান ভাৰতত পজিটিভিটীৰ হাৰ ৫.৬২ শতাংশ। উল্লেখ্য যে, যোৱা ১৩ দিন ধৰি দেশত পজিটিভিটী হাৰ ১০ শতাংশৰ তলতেই আছে।

ইফালে, কোভিড টেষ্ট আৰু ভেকচিনেশ্যনৰ দিশত যদি চাবলৈ যাও তেন্তে ভাৰতত যোৱা ২৪ ঘন্টাৰ সময়ত ৩৩৫৩৫৩৯জনক কোভিড ভেকচিন প্ৰদান কৰা হৈছে। আৰু বৰ্তমানলৈ দেশত ২৩,১৩,২২,৪১৭জনকৈ লোকক প্ৰদান কৰা হৈছে ভেকচিন। আনহাতে, যোৱা ২৪ ঘন্টাৰ এই সময়চোৱাত কোভিড টেষ্ট দেশত কৰা হৈছে ২০৩৬৩১১জন লোকৰ।লাহে লাহে দেশত কোৰোনাৰ সংক্ৰমণ হ্ৰাস পোৱাতো সঁচাকৈ বহু ভাল খবৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in