সফলতাৰে উৰা মাৰিলে ই.ও.এছ.-০২ আৰু আজাদিছেটে…

সফলতাৰে উৰা মাৰিলে ই.ও.এছ.-০২ আৰু আজাদিছেটে…

ডিজিটেল ডেস্ক : ভাৰতীয় মহাকাশ গৱেষণা কেন্দ্ৰ আন এক সফলতা । ৭ আগষ্টৰ পুৱা ২.২৬ বজাত "এছএছএলভি-ডি১/ইঅ'এছ-০২ উপগ্ৰহ উৎক্ষেপণৰ কাউন্টডাউন আৰম্ভ হৈছিল। আৰু ৯.১৮ বজাত সফলতাৰে উৰা মাৰে- ই.ও.এছ.-০২ আৰু আজাদিছেটে।

উল্লেখ্য যে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰ')ৱে ৫০০ কিলোগ্ৰাম ওজনৰ উপগ্ৰহবোৰ ৫০০ কিলোমিটাৰ নিম্ন পৃথিৱীৰ কক্ষপথত স্থাপন কৰাৰ অভিযান আৰম্ভ কৰিছে। এই এছ.এছ.এল.ভি.-য়ে 'লঞ্চ-অন-ডিমাণ্ড'ৰ আধাৰত নিম্ন পৃথিৱীৰ কক্ষপথলৈ ৫০০ কিলোগ্ৰাম পৰ্যন্ত উপগ্ৰহ উৎক্ষেপণ কৰে।

ইয়াৰ লক্ষ্য হৈছে উপগ্ৰহ ই.ও.এছ.-০২ আৰু আজাদিছেটক পৃথিৱীৰ নিম্ন কক্ষপথত স্থাপন কৰা। অন্ধ্ৰ প্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ (এছএইচএআৰ) প্ৰথম উৎক্ষেপণ পেডৰ পৰা পুৱা ৯.১৮ বজাত লিফ্ট-অফ হয়।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in