ৰিহণ দৈমাৰীৰ সপোন পূৰণ নহ’ল! আঁতৰিব ফলক, মুখ্যমন্ত্ৰীয়েহে উদ্বোধন কৰিব জনস্বাস্থ্য বিভাগৰ নৱনিৰ্মিত ভৱন…

ৰিহণ দৈমাৰীৰ সপোন পূৰণ নহ’ল! আঁতৰিব ফলক, মুখ্যমন্ত্ৰীয়েহে উদ্বোধন কৰিব জনস্বাস্থ্য বিভাগৰ নৱনিৰ্মিত ভৱন…

ডিজিটেল ডেস্কঃ অৱশেষত মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিব নৱনিৰ্মিত জনস্বাস্থ্য বিভাগৰ মুখ্য কাৰ্যালয়টো। ৬.৪৭ কোটি টকা ব্যয়ৰে এই কাৰ্যালয়টো নিৰ্মাণৰ অন্তত ৬ ছেপ্টেম্বৰ, ২০১৯ত উদ্বোধনী অনুষ্ঠানৰ আয়োজন কৰা হৈছিল যদিও ৰহস্যজনকভাৱে সেইদিনা এই কাৰ্যালয় উদ্বোধনী অনুষ্ঠান বাতিল কৰা হৈছিল।

সকলো প্ৰস্তুতি সম্পন্ন কৰিও জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী ৰিহণ দৈমাৰীয়ে বিভাগটোৰ মুখ্য অভিযন্তাৰ নৱ নিৰ্মিত কাৰ্যালয় ভৱনৰ উদ্বোধনৰ কাৰ্যসূচী ৬ ছেপ্টেম্বৰৰ পুৱা কিয় বাতিল কৰিব লগা হৈছিল সেই সন্দৰ্ভত অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণত সবিস্তাৰে বাতৰি প্ৰকাশ হৈছিল।

মুখ্যমন্ত্ৰীক অৱজ্ঞা কৰি বিভাগীয় মন্ত্ৰী দৈমাৰীয়ে এই ভৱনটো উদ্বোধন কৰিবলৈ লোৱাত দল আৰু চৰকাৰৰ ভিতৰতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। এটা বিভাগৰ এনে গুৰুত্বপূৰ্ণ কাৰ্যালয় ভৱন মুখ্যমন্ত্ৰীৰ উপস্থিতি অবিহনে মন্ত্ৰীগৰাকীয়ে কেনেদৰে উদ্বোধন কৰাৰ সিদ্ধান্ত ল'লে বুলিও বিভাগীয় মন্ত্ৰীজনক জবাবদিহী কৰা বুলিও এক সূত্ৰই জনাইছিল।

তাৰ পাছতে উদ্বোধনী অনুষ্ঠান বাতিল কৰিবলৈ বাধ্য হৈছিল এই নৱনিৰ্মিত ভৱনৰ। সেইদিনা সকলো প্ৰস্তুতিৰ নামত কেইবালক্ষাধিক টকা ব্যয় কৰা হৈছিল যদিও মন্ত্ৰী ৰিহণ দৈমাৰীয়ে এই ভৱন উদ্বোধন কৰিবলৈ নহাত ভৱনটোত ভগা বিয়া সদৃশ এক পৰিৱেশৰ সৃষ্টি হৈছিল।

ইফালে, পূৰ্বৰ ভৱনটো জহি খহি যোৱাত এই নতুন ভৱনলৈ কাৰ্যালয় স্থানান্তৰিত কৰিবৰ বাবে ভৱনটোৰ উদ্বোধন নোহোৱাত সমস্যাৰ সৃষ্টি হৈছিল। খোদ মন্ত্ৰীজনেই নিজেই ভৱন উদ্বোধন কৰিব বুলি বিভাগীয় বিষয়াৰ হতুৱাই চিঠি চপোৱাৰ লগতে ভৱনত উদ্বোধনী ফলকো লগাইছিল।

তেনে পৰিস্থিতিত মুখ্যমন্ত্ৰীক এই ভৱন উদ্বোধনৰ বাবে নিমন্ত্ৰণ কৰিবলৈ কি মুখেৰে এইসকল বিষয়া যাব তাক লৈও সমস্যাৰ সৃষ্টি হৈছিল। অৱশ্যে বিভাগটোৰ এই বিলাসী ভৱনটো উদ্বোধন কৰিবলৈ অৱশেষত সময় দিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। হেঙেৰাবাৰীত থকা এই নতুন ভৱন অহা ২ অক্টোবৰত উদ্বোধন কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে।

ইয়াৰ বাবে ভৱনটোত পূৰ্বতে লগাই থোৱা মন্ত্ৰী ৰিহণ দৈমাৰীৰ নাম উল্লেখ থকা উদ্বোধনী ফলক সলনি কৰিব লাগিব। ৬ ছেপ্টেম্বৰত এই সন্দৰ্ভত অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণত কিয় মন্ত্ৰী ৰিহণ দৈমাৰীয়ে এই ভৱনটোৰ উদ্বোধনী অনুষ্ঠান বাতিল কৰিবলগা হৈছিল সেই সম্পৰ্কত সবিস্তাৰে প্ৰকাশ পাইছিল।

এই ভৱনটো নিৰ্মাণৰ বাবে ১৪ কোটি টকা ধাৰ্য্য কৰা হৈছিল যদিও বিভাগটোৰে এজন অভিযন্তাই অতি বিলাসীপূৰ্ণভাৱে ধাৰ্য্য কৰা ১৪ কোটি টকাৰ বিপৰীতে ৬.৪৭ কোটি টকাৰে ভৱনটোৰ নিৰ্মাণ কাৰ্য্য সম্পূৰ্ণ কৰিছিল। বাকী থকা ধনেৰে এই জনস্বাস্থ্য কাৰিকৰী বিভাগে কি আঁচনি গ্ৰহণ কৰে, সেয়াও লক্ষণীয় হ'ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in