মুখ্যমন্ত্ৰীক এলাগী কৰি বিভাগীয় মন্ত্ৰীৰ দম্ভালিপূৰ্ণ আয়োজন ব্যৰ্থ! বাহি বিয়াত পৰিণত হ’ল ১৪ কোটিটকীয়া জনস্বাস্থ্যৰ মুখ্য কাৰ্যালয়ৰ উদ্বোধনী পৰ্ব!

মুখ্যমন্ত্ৰীক এলাগী কৰি বিভাগীয় মন্ত্ৰীৰ দম্ভালিপূৰ্ণ আয়োজন ব্যৰ্থ! বাহি বিয়াত পৰিণত হ’ল ১৪ কোটিটকীয়া জনস্বাস্থ্যৰ মুখ্য কাৰ্যালয়ৰ উদ্বোধনী পৰ্ব!

ডিজিটেল ডেস্কঃ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰীৰ দাম্ভিকতাৰ বাবেই শুকুৰবাৰে বিভাগটোৰ মুখ্য অভিযন্তাৰ কাৰ্যালয়ৰ নতুন ভৱনটোৰ উদ্বোধনী অনুষ্ঠান শেষ মুহূৰ্তত বাতিল কৰিব লগা হ'ল। ধুম ধামেৰে আয়োজন কৰা এই অনুষ্ঠান শেষ মুহূৰ্তত পৰিণত হ'লগৈ বাহি বিয়াত।

বাহি বিয়া নহয়, উদ্বোধনী অনুষ্ঠানত আহাৰ গ্ৰহণৰ বাবে চলাইছিল এই আয়োজন।

২০১৪ চনত হেঙেৰাবাৰীৰ পূৰ্বৰ কাৰ্যালয়ৰ কাষতে নিৰ্মাণ কাৰ্য আৰম্ভ কৰা হৈছিল বিভাগটোৰ মুখ্য অভিযন্তাৰ কাৰ্যালয়ৰ। প্ৰায় ৫ বছৰৰ অন্তত আটোম টোকাৰিকৈ নিৰ্মাণ সম্পূৰ্ণ হৈছিল। বিভাগৰে এজন সহকাৰী অভিযন্তাৰ তত্বাৱধানত অতি বিলাসী ৰূপত নিৰ্মাণ কৰা হৈছিল এই ভৱনটো।

জনস্বাস্থ্য কাৰিকৰী বিভাগৰ নৱ নিৰ্মিতি মুখ্য অভিযন্তাৰ কাৰ্যালয়

১৪ কোটি টকাৰ বাজেটেৰে নিৰ্মাণ কৰা এই ভৱনটোৰ উদ্বোধনৰ দিন স্থিৰ কৰা হৈছিল ৬ ছেপ্টেম্বৰত। বিভাগীয় মন্ত্ৰী ৰিহণ দৈমাৰীয়ে দাম্ভিকতাৰে এই ভৱনটো নিজেই উদ্বোধন কৰাৰ বাবে সিদ্ধান্ত লৈছিল। সেই অনুসৰি চিঠি পত্ৰ ছপোৱাৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা এই অনুষ্ঠানলৈ মাতি পঠিওৱা হৈছিল কেইবা শতাধিক লোকক।

সাজু কৰি থোৱা উন্মোচনী ফলকখন

৬ ছেপ্টেম্বৰৰ পুৱা ১০ বজাৰ পৰা আছিল এই উন্মোচনী অনুষ্ঠান। কিন্তু হঠাৎ ১০.৩০ বজাত ৰহস্যজনক ভাৱে এই উন্মোচনী অনুষ্ঠানলৈ আহিব নোৱাৰে বুলি জনালে মন্ত্ৰী ৰিহণ দৈমাৰীয়ে। তাৰ পাছতেই এই অনুষ্ঠানৰ আয়োজক তথা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়া-কৰ্মচাৰীৰ মাজত লাগিল হাহাকাৰ।

অনুষ্ঠান বাতিল হোৱাৰ পাছত এইদৰে পৰি ৰ'ল সা-সামগ্ৰী

যি সময়ত ৰাজ্যত জনস্বাস্থ্য বিভাগে খোৱা পানী টুপিও ঠিকমতে যোগান ধৰিব নোৱাৰে, সেই সময়ত কিন্তু অতি ৰাজকীয়ভাৱে নিৰ্মাণ কৰা হৈছিল এই কাৰ্যালয়। মুখ্য অভিযন্তাৰ কাৰ্যালয় কক্ষত সংলগ্ন কৰা হৈছিল সকলো আধুনিক সা-সুবিধা। মুখ্যমন্ত্ৰী, মুখ্য সচিব আদিৰ দৰেই চালে চকুৰোৱাকৈ সজোৱা হৈছিল এই কাৰ্যালয় কক্ষ।

মুখ্য অভিযন্তাৰ কাৰ্যালয় কক্ষ

বিভাগটোৰ আন সকল বিষয়া কৰ্মচাৰীৰ কাৰ্যালয়ো আটোম টোকাৰিকৈ সজোৱা হৈছিল। অভ্যাগতসকলক শুশ্ৰুষাৰ বাবে সকলো ধৰণৰ ব্যৱস্থা সম্পূৰ্ণ কৰাৰ নামত ব্যয় কৰা হৈছিল লক্ষাধিক টকা। কিন্তু হঠাৎ বিভাগীয় মন্ত্ৰী ৰিহণ দৈমাৰীয়ে বাতিল কৰিলে এই কাৰ্যসূচী।

চকী জাপি থকা মুহূৰ্তত এজন কৰ্মচাৰী

তাৰ পাছতেই ৰঙা দলিচা পাৰি উদ্বোধনী অনুষ্ঠানৰ আয়োজন কৰা আয়োজক সকলৰ একাংশ ব্যস্ত হৈ পৰিল চকী জপাত। কোনো কোনোৱে এই অনুষ্ঠান আয়োজন কৰা সভা কক্ষৰ চকীৰ কভাৰ খুলি আক্ষেপ ব্যক্ত কৰিলে- মন্ত্ৰীৰ বাবেই সকলো পণ্ড হ'ল।

অনুষ্ঠান বাতিলৰ পাছত সভাগৃহৰ ব্যস্ততা

উদ্বোধনী অনুষ্ঠান বাতিল হোৱাৰ পাছত মন্ত্ৰী তথা আমন্ত্ৰিত অতিথিক সম্ভাষণ জনাবলৈ অনা ফুলৰ থোপা ঘূৰাই নিয়া হ'ল নতুন ভৱনৰ পৰা। মুখ্য অভিযন্তাকে ধৰি আন বিষয়া বৰ্গৰ চকুত বিয়পি পৰিল হতাশাৰ ভাৱ।

বিভাগীয় মন্ত্ৰীয়ে কৰিলে প্ৰতাৰণা!

কিন্তু কিয় এই অনুষ্ঠান বাতিল হ'ল, সেই খবৰহে আটাইতকৈ গুৰুত্বপূৰ্ণ। প্ৰথমে ভৱা হৈছিল, ৰাষ্ট্ৰীয় বজৰংগ দলে বন্ধৰ আহ্বান দিয়াৰ বাবে বাতিল কৰিছে মন্ত্ৰীয়ে এই সূচী। তেনে ধাৰণাই কৰিছিল বহুতে। কিয়নো আগদিনা নিশালৈকে মন্ত্ৰী অহাটো নিশ্চিত আছিল।

এনেকৈয়ে ৰৈ গ'ল উন্মোচনী ফলক

এক বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে, এই উদ্বোধনী অনুষ্ঠান বাতিল কৰাৰ অন্তৰালত আছে আন এক কাহিনী। এটা বিভাগৰ মুখ্য কাৰ্যবাহী অভিযন্তাৰ নৱ নিৰ্মিত কাৰ্যালয় বা এনে ধৰণৰ গুৰুত্বপূৰ্ণ ভৱনসমূহ সাধাৰণতে উদ্বোধন কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। কিন্তু এই অনুষ্ঠানলৈ নিমন্ত্ৰণ জনোৱা হোৱা নাছিল মুখ্যমন্ত্ৰীক।

এনেদৰেই হঠাৎ নিৰৱতা নৱ নিৰ্মিত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ভৱনত…

৫০০ লোকৰ বাবে যোগাৰ কৰা হৈছিল খাদ্য। সকলো সম্পূৰ্ণ হৈ যোৱাৰ পাছত পুৱাৰ ভাগত মন্ত্ৰী ৰিহণ দৈমাৰীয়ে কি কাৰণত এই অনুষ্ঠানলৈ নাহিল, তাৰ অন্তৰালত আছে আন এক ৰহস্য। মুখ্যমন্ত্ৰীক অজ্ঞাতে ৰাখি নিজেই এই ভৱনটো উদ্বোধন কৰিবলৈ কাৰোবাৰ প্ৰৰোচনাত মন্ত্ৰী দৈমাৰী সাজু হৈছিল ঠিকেই, কিন্তু দিছপুৰ তথা দলৰ ভিতৰ চৰাত হোৱা প্ৰতিক্ৰিয়া, হেঁচাৰ বাবে শেষ মুহূৰ্তত মন্ত্ৰীগৰাকীৰ সেই সপোন পূৰণ নহ'ল।

নৱ নিৰ্মিত ভৱনটোৰ অন্তৰ্ভাগ

মন্ত্ৰীজনাৰ এনে সিদ্ধান্তৰ বিৰুদ্ধে একম চক্ৰই তীব্ৰ প্ৰতিক্ৰিয়া আৰু হেঁচা দিয়াৰ পাছতেই এই অনুষ্ঠানৰ সূচী বাতিল কৰিলে দৈমাৰীয়ে। যাৰ বাবে ৫০০ লোকৰ বাবে যোগাৰ কৰা খাদ্য মহানগৰীতে অনুষ্ঠিত বিভাগটোৰে এখন সভালৈ প্ৰেৰণ কৰিলে আয়োজকসকলে।

অৱশ্যে তথাপিও বহু খাদ্য আৰু সা-সামগ্ৰী পৰি ৰ'ল। শেষ মুহূৰ্তত মন্ত্ৰীগৰাকীয়ে এই সিদ্ধান্ত লোৱাৰ আঁৰত মুখ্যমন্ত্ৰীক অৱজ্ঞা কৰাৰ বাবে এক পক্ষই তেওঁক সমালোচনা আৰু হেঁচা প্ৰয়োগ কৰাৰ ফল বুলি জানিব পৰা গৈছে। কিয়নো এই পক্ষটোৱে মন্ত্ৰী দৈমাৰীক জবাবদিহী কৰিছিল- মুখ্যমন্ত্ৰীক অৱজ্ঞা কৰি তেওঁ কেনেকৈ এই ভৱনটো নিজেই উদ্বোধনৰ সিদ্ধান্ত ল'লে?

উদ্বোধকস্থলীৰ আন এক দৃশ্য

হঠাৎ এই অনুষ্ঠান বাতিল কৰাৰ পাছত নতুন ভৱনটোৰ গেটত তলা মাৰি তালৈ সাধাৰণ লোকক যোৱাটো বন্ধ কৰিলে বিভাগৰ বিষয়াই। আনকি মুখ্য অভিযন্তাগৰাকীয়েও এই অনুষ্ঠান বাতিল কৰাক লৈ হতাশা ব্যক্ত কৰিলে। ৰাজ্যত প্ৰথমবাৰৰ বাবে সংঘটিত হ'ল এনে ঘটনা। অনুষ্ঠানৰ সূচী নিৰ্ধাৰণ কৰাৰ পাছতো শেষ মুহূৰ্তত নিজ বিভাগৰে মুখ্য কাৰ্যালয় এটা নৱ নিৰ্মিত ভৱনৰ উদ্বোধনী অনুষ্ঠান কোনো কাৰণ উল্লেখ নকৰাকৈ বাতিল কৰাৰ পূৰ্বৰ নজিৰ নাই।

মুখ্য অভিযন্তাৰ কক্ষ

অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণে বিভাগটোৰ এগৰাকী অভিযন্তাক পুনৰ কেতিয়া এই উদ্বোধনী অনুষ্ঠান হ'ব বুলি জানিব বিচাৰিছিল যদিও সেই সন্দৰ্ভত তেওঁ অজ্ঞাত বুলিহে জানিবলৈ দিয়ে। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দৰে এটা গুৰুত্বপূৰ্ণ বিভাগত সংঘটিত এই কাণ্ডই এতিয়া বিভাগটোৰ বিষয়া কৰ্মচাৰীৰ মাজতে ব্যাপক চৰ্চা আৰু প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।সমান্তৰালভাৱে বিভাগটোৰ মন্ত্ৰীগৰাকীৰ এনে স্থিতিক লৈ খোদ বিভাগটোৰ ভিতৰচৰাতে সমালোচনাৰ জোৱাৰ উঠিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in