তুম ত’ ধৌকেবাজ হৌ, ৱাডা কৰ’কে ভুল যাতে হৌ…

তুম ত’ ধৌকেবাজ হৌ, ৱাডা কৰ’কে ভুল যাতে হৌ…

মৃদুল কুমাৰ সন্দিকৈ

তুম ত' ধৌকেবাজ হৌ, ৱাডা কৰ'কে ভুল যাতে হৌ…

যিকোনো কামৰ বাবে প্ৰথমে এক সুপৰিকল্পনাৰ প্ৰয়োজন। পৰিকল্পনাৰ বাবে প্ৰয়োজন হয় সুচিন্তাৰ। কথা আৰু কামৰ মাজত পাৰ্থক্য থাকিলে মানুহৰ চকুত ধৰা পৰে। কিছু সস্তীয়া চিন্তাই যেন আজি দেশৰ ৰাজনীতিৰ ক্ষেত্ৰখন ভৰি পৰিছে। নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি আৰু ক্ষমতালৈ অহাৰ পাছত গ্ৰহণ কৰা স্থিতিৰ মাজত আকাশ-পাতাল পাৰ্থক্য দেখিলে ৰাইজৰ চকু কপালত উঠে।

আকবৰৰ ৰাজ দৰবাৰত বীৰবল নামৰ এজন অতি বুদ্ধিমান মন্ত্ৰী আছিল।এই মন্ত্ৰীজনে প্ৰায় সকলো অসম্ভৱকে সম্ভৱ কৰি তুলিব পাৰিছিল। কেৱল কথাৰ জোৰত আৰু বুদ্ধিৰ বলত সেয়া সম্ভৱ হৈছিল। খোদ বাদশ্বাহ আকবৰে বীৰবলৰ বুদ্ধি আৰু কথাৰ ওচৰত বশ্যতা স্বীকাৰ কৰি অসত্যকো সত্য বুলি আৰু কেতিয়াবা সত্যকো অসত্য বুলি মানি ল'ব লগা হৈছিল।

তেনে এক প্ৰেক্ষাপটেই আমি চকুৰ সন্মুখত দেখিছো নেকি? নিৰ্বাচনৰ প্ৰচাৰ সভা সমূহত বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভালেকেইটা প্ৰতিশ্ৰুতি দিছিল। ইয়াৰ ভিতৰত প্ৰায়বোৰ স্থানতে তেওঁ মহিলাসকলক দিয়া প্ৰতিশ্ৰুতিতো আছিল মাইক্ৰ'ফাইনেন্সৰ ঋণ মাফ কৰি দিয়া। চৰকাৰ গঠন কৰি মুখ্যমন্ত্ৰীৰূপে শপত ল'লে হিমন্ত বিশ্ব শৰ্মাই।

প্ৰথম কেবিনেটতে আৰু প্ৰথম বিধানসভা অধিৱেশনত মুখ্যমন্ত্ৰীগৰাকীয়ে মহিলাসকলৰ ঋণ মাফৰ প্ৰসংগ দোহাৰিলে। ইয়াৰ বাবে নীতি নিৰ্ধাৰণৰ বাবে তেওঁৰে সৰ্তীথ কেবিনেট মন্ত্ৰী অশোক সিংঘালৰ নেতৃত্বত গঠন কৰা হ'ল এখন কমিটি। সেই কমিটিয়ে ঋণ মাফৰ সন্দৰ্ভত যি নীতি নিৰ্ধাৰণ কৰিলে সেয়া দেখি বহুতে এতিয়া প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।

কোনে ঋণ ৰেহাই পাব এই সন্দৰ্ভত ১১জুনত এক সংবাদমেল সম্বোধন কৰি সিংঘালে ঘোষণা কৰিলে যে, ৰাজ্যত মাইক্ৰফাইনেন্স ঋণৰ পৰিমাণ প্ৰায় ১২৫০০কোটি টকা। আৰ বি আইৰ গাইডলাইন অনুসৰি এই ঋণ মাফৰ প্ৰক্ৰিয়া সম্পন্ন কৰা হব বুলি তেওঁ সদৰি কৰিলে। সেই অনুসৰি যিবোৰ পৰিয়ালৰ বাৰ্ষিক উপাৰ্জন ১লাখতকৈ অধিক তেনেবোৰ ঋণ লওতাই এই ঋণ মাফৰ সুবিধা লাভ নকৰিব।

ইয়াৰ উপৰিও চাৰিচকীয়া বাহন থকা পৰিয়ালে এনে সুবিধা নাপাব। এই ঘোষণাৰ পাছতে মাইক্ৰফাইনেন্সৰ ঋণ মাফ হ'ব বুলি আশা পালি থকা মহিলাসকলৰ জাঙুৰ খাই উঠিছে। তেওঁলোকৰ মতে নিৰ্বাচনৰ সময়ত বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীয়ে মিছা প্ৰতিশ্ৰুতি দি লাখ লাখ মহিলাক প্ৰৱঞ্চনা কৰিছে।

এই প্ৰতিশ্ৰুতি দিওতেই এনে সিদ্ধান্তৰ বিৰুদ্ধে এচাম লোকে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল। আৰ্থিকভাৱে ভাগি পৰা ৰাজ্য এখনৰ সকলো মহিলাকে মাইক্ৰফাইনেন্সৰ ঋণ মাফ কৰি দিয়াতো সম্ভৱনে বুলি প্ৰশ্ন উঠিছিল। লগতে কিহৰ বাবে তেওঁলোকে ঋণ লৈছিল আৰু সেই ঋণৰ দায়িত্ব চৰকাৰে কিয় ল'ব লাগে বুলিও সমালোচনা হৈছিল।

চৰকাৰে যিহেতু সিদ্ধান্ত লৈছিল। গতিকে বিষয়টো সাধাৰণভাৱে চৰ্চা হোৱা নাছিল।কিন্তু ঋণগ্ৰস্তৰ আশাত চেঁচাপানী ঢালি চৰকাৰে এনে বিশেষ চৰ্ত বান্ধি দিয়া কাৰ্যক বহুতে আচৰিত হৈছে।২০২০চনৰ ৩১ ডিচেম্বৰৰ পূৰ্বে ঋণ লোৱা সকলে এই সুবিধা লাভ কৰিব। ঋণ মাফৰ বাবে বান্ধি দিয়া চৰ্তসমূহৰ ভিতৰত এটা পৰিয়ালৰ এজনকৈ বেছি ঋণ লোৱা লোক থাকিলে ঋণ ৰেহাই নাপায়।

ঋণ মাফৰ ক্ষেত্ৰত চৰকাৰে এনে নীতি প্ৰস্তুত কৰিলে যে, ঋণ মাফ হব বুলি ভাৱি থকা ১০শতাংশৰো কম মহিলাইহে এই চৰ্তবোৰ পূৰণ কৰিব পাৰিব। এক অৰ্থত চৰকাৰে কথা দিয়া মতেই এই আচঁনি ৰূপায়ন কৰিব যদিও গৰিষ্ঠসংখ্যক মহিলাই সেই সুবিধা নাপাব। তেনেস্থলত চৰকাৰে সাপো মৰক, লাঠীও নাভাগক নীতিৰে এক অৰ্থত নিৰ্বাচনৰ প্ৰতিশ্ৰুতি পূৰণ কৰা বুলি দাবী কৰিব যদিও সেই প্ৰতিশ্ৰুতিয়ে লাখ লাখ মহিলাক আশাহত কৰিলে।

চৰকাৰ গঠন কৰাৰ পূৰ্বে নিৰ্বাচনী সভা সমূহত তেতিয়াৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত এক সবল প্ৰশাসন আৰু দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰাৰ কথা এই চৰকাৰে কৈছিল। নতুনকৈ মুখ্যমন্ত্ৰী দায়িত্ব লোৱাৰ পাছত ড্ৰাগছ, গৰু, চিণ্ডিকেটৰ বিৰুদ্ধে সক্ৰিয় হোৱা এমহীয়া চৰকাৰৰ হৈ শাসকীয়া দলটোৰ এজন মুখপাত্ৰই যি সংবাদমেল সম্বোধন কৰিলে, সেই সংবাদমেলত পূৰ্বৰ চৰকাৰৰ দুৰ্বল প্ৰশাসনৰ কথা উদঙাই দিলে।

নতুন চৰকাৰৰ সফলতাৰ জয়গান গাবলৈ গৈ দলটোৰ মুখপাত্ৰগৰাকীয়ে যি মন্তব্য কৰিলে সেই মন্তব্যই পূৰ্বৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দক্ষতা আৰু সু প্ৰশাসনক লৈ প্ৰশ্ন তুলিলে। এতিয়া প্ৰশ্ন হয়, কোনবোৰ কথা সচাঁ? ৰাজনীতিত বহু সচাঁ কথ মিছা আৰু বহু মিছা কথা সময়ত সচাঁ হৈ ধৰা দিয়ে।

কোভিডৰ বাবে পৰীক্ষা কেতিয়া অনুষ্ঠিত হ'ব সেই সিদ্ধান্ত এতিয়াও সঠিকভাৱে ল'ব পাৰিছে যেন বোধ নহয়। শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে ২০২১ বৰ্ষৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা ১-১৫আগষ্টৰ ভিতৰত হ'ব বুলি ঘোষণা কৰিছিল। সেই সাম্ভাৱ্য ঘোষণাৰ পাছতেই মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে কোভিডৰ সংক্ৰমণৰ হাৰ ২শতাংশৰ তললৈ নামিলে পৰীক্ষা অনুষ্ঠিত কৰিব।

পৰৱৰ্তী সময়ত দুৰ্যোগ প্ৰশমন বিভাগে চাৰিটা বিষয়ৰ পৰীক্ষা ২৫ নম্বৰৰ প্ৰশ্নকাকতেৰে অনুষ্ঠিত কৰাৰ কথা মুখ্যমন্ত্ৰীয়ে ক'লে। তাৰ পাছতে দুৰ্যোগ প্ৰশমন বিভাগৰ পৰা প্ৰতিক্ৰিয়া আহিল- এনে কোনো নিৰ্দেশনা ১২জুন, ২০২১ পৰ্যন্ত তেওঁলোকে পোৱা নাই। সেই সমম্বয় নথকাকৈ এজন মুখ্যমন্ত্ৰীয়ে এনে ঘোষণা কৰাটো কিমান দায়িত্ববোধৰ চিন!

২৫ নম্বৰৰ পৰীক্ষা দিবলৈ হ'লেও সকলো ছাত্ৰ-ছাত্ৰী পৰীক্ষা গৃহলৈ যাব লাগিব। মানিহ লগা কোভিড প্ৰটকল মানিবই লাগিব। পাৰ্থক্য মাথোঁ এটাই। ২৫ নম্বৰৰ বাবে হয়তো এঘন্টা ছাত্ৰ-ছাত্ৰীসকল পৰীক্ষা গৃহত থাকিব লাগিব। আৰু দুটা ঘন্টা পৰীক্ষাগৃহত ছাত্ৰ-ছাত্ৰীসকলে থকাত নিশ্চয় অসুবিধা নাথাকিব। তেনেস্থলত কোভিডৰ মাজতো সফলভাৱে পৰীক্ষা অনুষ্ঠিত কৰি দেশৰ ভিতৰত নজিৰ স্থাপনৰ লক্ষ্যৰে এয়া এক ৰাজনৈতিক সফলতা আহৰণৰ চেষ্টা নেকি বুলিও বিষয়টোক লৈ চৰ্চা হৈছে।

যদি আন ৰাজ্যই পৰীক্ষা অনুষ্ঠিত নকৰাকৈ বিকল্প পদ্ধতিৰে ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ কথা চিন্তা কৰিব পাৰে, অসমত ইয়াৰ বিপৰীতে গৈ তেনে সিদ্ধান্তত আকোঁৰগোজ হৈ থকা কাৰন কি সেয়া বোধগম্য নহয়। এখন চৰকাৰৰ সফলতা চৰকাৰে দাবী কৰাতকৈ জনসাধাৰণে দিয়া ৰায় বেছি গুৰুত্বপূৰ্ণ।

চৰকাৰ গঠন কৰাৰ পাছত অসমৰ তিনিজন মুখ্যমন্ত্ৰীক বিশিষ্ট সাহিত্যিক তথা সাংবাদিক হোমেন বৰগোহাঞিয়ে সাক্ষাতকাৰত প্ৰশ্ন কৰিছিল- মুখ্যমন্ত্ৰী হিচাপে তেওঁলোকৰ প্ৰধান সফলতা কি? এই প্ৰশ্নৰ উত্তৰত বিমলা প্ৰসাদ চলিহাই বিভিন্ন জাতি-জনগোষ্ঠী, ধৰ্মালম্বীলোকে বাস কৰা ৰাজ্যখনত এক সুস্থিৰ বাতাবৰণ গঢ়ি তুলিব পৰাটো তেওঁ অন্যতম সফলতা হিচাপে আখ্যা দিছিল।

একেদৰে আন এজন মুখ্যমন্ত্ৰী শৰৎ সিংহই তেওঁৰ সফলতা-বিফলতাৰ খতিয়ান দিবলৈ অস্বীকাৰ কৰি ৰাজ্যখনত থকা জলন্ত সমস্যা সমাধান কৰাতোহে গুৰুত্ব আৰোপ কৰিছিল। একেই প্ৰশ্নৰ উত্তৰত মহেন্দ্ৰ মোহন চৌধুৰীয়ে দাবী কৰিব খোজা নাছিল যে, তেওঁ কিবা এটা কৰিব পাৰিছে।

অন্ত্যত বিনম্ৰতাৰে এইসকল মুখ্যমন্ত্ৰীয়ে বুজাই দিব খুজিছিল যে, কৰিব লগা কামসমূহ ইমানেই বেছি যে, সফলতাৰ জয়গান গাবলৈ তেওঁলোকৰ আজৰি আৰু ধৃষ্টতা নাই। নতুন চৰকাৰে প্ৰতিখন জিলাৰ বাবে অভিভাৱক মন্ত্ৰী নিযুক্তি দিয়াতো তেওঁলোকৰ আন এক সফলতা আৰু সঠিক চিন্তাৰ প্ৰতিফলন বুলি কব খোজে।

এই সিদ্ধান্তত তেওঁলোকে নতুনত্ব দাবী কৰিব খুজিলেও পূৰ্বৰ সোণোৱাল চৰকাৰৰ দিনতো তেনেদৰেই চৰকাৰ পৰিচালনা কৰা হৈছিল। সৰ্বানন্দ সোণোৱালেও ১৭জন মন্ত্ৰীক জিলাসমূহৰ বিভিন্ন কাম-কাজ তদাৰক কৰিবলৈ দিছিল। ইয়াত পাৰ্থক্য এটাই পূৰ্বৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এই কাম ব্যক্তিগতভাৱে মুখ্যমন্ত্ৰী হিচাপে কৰিছিল আৰু নতুন মুখ্যমন্ত্ৰীয়ে কেবিনেট বৈঠকত তেনে এক সিদ্ধান্ত গ্ৰহণ কৰি ইয়াক আনুষ্ঠানিক ৰূপ দিছে।

এনেবোৰ কথা হয়তো পৰ্যায়ক্ৰমে আলোচনা হ'ব। মুখ্যমন্ত্ৰী হিচাপে জনসংখ্যা নীতিৰ সন্দৰ্ভত হিমন্ত বিশ্ব শৰ্মাই কৰা এক মন্তব্যক লৈ ভিতৰি ভিতৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। দেশৰ এখন প্ৰতিষ্ঠিত কাকত টাইমছ অৱ ইণ্ডিয়াই এই সন্দৰ্ভত এক সম্পাদকীয় প্ৰকাশ কৰিছে ১২জুন, ২০২১ত।

যি সম্পাদকীয়ৰ শিৰোনাম- Numbers tell the story: Assam CM should look at state's fertility data. এই সম্পাদকীয়ত শেষৰ শাৰী লিখা বাক্য অতি গুৰুত্বপূৰ্ণ। যত লিখিছে- Numbers speak for themselves. Politicians may want to look at some numbers before speaking

ৰাজনীতিৰ এনে জটিল কথাবোৰ এতিয়া সাধাৰণ লোকেও বুজি পোৱা হৈছে। লংকালৈ গ'লে সকলো ৰাৱণ হোৱাৰ দৰে ৰাজনীতিবিদ সকলেও তেওঁলোকৰ স্বৰূপ উদঙাই দিয়ে। ৰাইজে দেখে, বুজে কিন্তু কওঁ বুলিও একো ক'ব নোৱাৰে। কোভিডৰ জটিল সময়। বিভিন্ন মাধ্যমৰ জৰিয়তে মানুহে নিজক সুখী কৰিব খোজে।

ইণ্ডিয়ান আইডলৰ এটা খণ্ডত অৰুণিতা কাঞ্জিলাল আৰু পৱনদ্বীপ ৰাজনৰ দ্বৈত কন্ঠৰ এটা গীতৰ একাংশ খুব ভাইৰেল হৈছে। শক্তি কাপুৰ আৰু গোবিন্দাৰ উপস্থিতিত দুয়োৱে কেইবাটাও গান সেই খণ্ডটোত গাইছিল। কিন্তু সেই গান বোৰৰ মাজৰে- তুম ত' ধুখেবাজ হৌ, ৱাডা কৰকে ভুল যাতে হৌ,

ইণ্ডিয়ান আইডলৰ এটা খণ্ডত অৰুণিতা কাঞ্জিলাল আৰু পৱনদ্বীপ ৰাজনৰ দ্বৈত কন্ঠৰ এটা গীতৰ একাংশ খুব ভাইৰেল হৈছে। শক্তি কাপুৰ আৰু গোবিন্দাৰ উপস্থিতিত দুয়োৱে কেইবাটাও গান সেই খণ্ডটোত গাইছিল। কিন্তু সেই গান বোৰৰ মাজৰে- তুম ত' ধৌকেবাজ হৌ/ ৱাডা কৰকে ভুল যাতে হৌ/ ৱাডা কৰকে ভুল যাতে হৌ/ ৰ'জ ৰ'জ তুম চনম এচ্যা কৰ'গে…. অংশতো মানুহৰ মাজত যথেষ্ট জনপ্ৰিয় হৈ পৰিছে।

গীতৰ এই কথাখিনিয়ে যেন কেতিয়াবা ৰাজনীতিত প্ৰাসংগিক হৈ পৰে। আমি কাকো কোৱা নাই তেওঁ প্ৰতাৰক। কিন্তু কাণত চোন বাজি থাকে- তুম ত' ধৌকেবাজ হৌ/ ৱাডা কৰকে ভুল যাতে হৌ…। মাইক্ৰফাইনেন্স ঋণ লোৱা মহিলাসকলেহে কৈছে- তুম ত' ধৌকেবাজ হৌ/ ৱাডা কৰকে ভুল যাতে হৌ…

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in