গুৱাহাটীকে ধৰি দেশৰ ৪০ স্থানত চি বি আইৰ NGOৰ বিৰুদ্ধে অভিযান….

গুৱাহাটীকে ধৰি দেশৰ ৪০ স্থানত চি বি আইৰ NGOৰ বিৰুদ্ধে অভিযান….

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে নিশা দেশজুৰি চি বি আইয়ে চলালে অভিযান। এন জি অ'ৰ বিৰুদ্ধে চলা এই অভিযানত উন্মোচিত হৈছে ভয়ংকৰ কেলেংকাৰী। দেশৰ মুঠ ৪০ টা স্থানত চলা এই অভিযানত ১৪ জনকৈ লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে জব্দ কৰা হৈছে ৩.২১ কোটি টকা।

দেশৰ অন্যান্য প্ৰান্তৰ লগতে গুৱাহাটীৰ এটা স্থানতো চি বি আইয়ে চলালে অভিযান। গুৱাহাটীৰ NAYI ROSHNI FOUNDATION নামৰ এন জি অ'টোত চলিছিল চি বি আইৰ অভিযান। এই এন জি অ'টোৱে বানপানীত ক্ষতিগ্ৰস্থক সাহায্য প্ৰদানৰ লগতে অন্যান্য কিছুমান ক্ষেত্ৰত সাহায্য প্ৰদান কৰি আহিছে বুলি এন জি অ'টোৰ শীৰ্ষ বিষয়াই সাংবাদিকৰ আগত অৱগত কৰিছে।

এন জি অ'টোত চি বি আইৰ অভিযানৰ খবৰ পোৱৰ পিছত সাংবাদিকে বাতৰি সংগ্ৰহৰ বাবে যোৱাৰ সময়তে এগৰাকী মহিলা কৰ্মচাৰীয়ে সাংবাদিকক দুৰ্ব্যৱহাৰ কৰাৰ দৃশ্য সাংবাদিকৰ কেমেৰাত বন্দী হৈছে। অৱশ্যে পৰৱৰ্তী সময়ত ঘটনাৰ উমান পাই এগৰাকী শীৰ্ষ বিষয়াই সাংবাদিকক ক্ষমা বিচাৰে।

উল্লেখ্যে যে, দেশৰ এন জি অ' সমূহে বিদেশী পুঁজি সংগ্ৰহ কৰি আহিছে। বিদেশী পুঁজি সংগ্ৰহৰ বাবে তেওঁলোকক প্ৰয়োজন হয় বিভিন্ন ধৰণৰ নথি-পত্ৰ। এই নথি-পত্ৰ সমূহ সময়ে সময়ে নবীকৰণ কৰাটো প্ৰয়োজন। নথি-পত্ৰ নবীকৰণ কৰাৰ সময়তে সংঘটিত হা আহিছে ভয়ংকৰ জালিয়াতি।

এন জি অ'সমূহক গৃহ মন্ত্ৰালয়ৰ পৰা বিভিন্ন নথি-পত্ৰ নবীকৰণৰ নামত চলি আহিছে জালিয়াতি। ইয়াৰ লগত দেশজুৰি এক শক্তিশালী চক্ৰ জড়িত হা আছে। এই শক্তিশালী চক্ৰটোৰ উৎখাত কৰিবলৈয়ে চি বি আইয়ে চলাইছে দেশজুৰি অভিযান।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in