মমতা বেনাৰ্জীৰ দুই সতীৰ্থ মন্ত্ৰীক গ্ৰেপ্তাৰ কৰিলে চিবিআইয়ে…

মমতা বেনাৰ্জীৰ দুই সতীৰ্থ মন্ত্ৰীক  গ্ৰেপ্তাৰ কৰিলে চিবিআইয়ে…

ডিজিটেল ডেস্ক : নাৰদাৰ ষ্ট্ৰিং অপাৰেচন গোচৰত চিবিআইয়ে গ্ৰেপ্তাৰ কৰিছে তিনি গৰাকী তৃণমূল কংগ্ৰেছৰ জ্যেষ্ঠ নেতাক । সোমবাৰৰ পুৱা গ্ৰেপ্তাৰ কৰা তৃণমূলৰ নেতা কেইগৰাকী হ'ল ফিৰহাট হাকিম,সুব্ৰত মুখাৰ্জী আৰু মদন মিত্ৰ ।

তিনি তৃণমূলৰ নেতাৰ উপৰিও কলকতাৰ প্ৰাক্তন মেয়ৰ শুভন চেটাৰ্জীক ৫ বছৰ পুৰনি এই গোচৰত চিবিআইয়ে গ্ৰেপ্তাৰ কৰে । ইয়াৰ পিছতে ক্ষুব্ধ হৈ পৰে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী । চিবিআই কাৰ্যালয়ত উপস্থিত হৈ মমতা বেনাৰ্জীয়ে সাহস থাকিলে তেওঁকো গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাই ।

ইফালে তৃণমূলৰ কৰ্মী সকলে চিবিআই চিবিআই কাৰ্যালয় ঘেৰাও কৰি পৰিস্থিতি উত্তপ্ত কৰি তোলে । তেওঁলোকে অভিযোগ তোলে যে নিৰ্বাচনত পৰাস্ত হোৱাৰ পিছত মোডী চৰকাৰে পক্ষপাত মূলক ভাবে চিবিআইৰ জৰিয়তে এই গ্ৰেপ্তাৰ কৰিছে ।

উল্লেখযোগ্য যে চিবিআইয়ে গ্ৰেপ্তাৰ কৰা ফিৰহাট হাকিম আৰু সুব্ৰত মুখাৰ্জী মমতা বেনাৰ্জীৰ মন্ত্ৰী সভাৰ মন্ত্ৰী । প্ৰায় ৪৫ মিনিট সময় ধৰি চিবিআইৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে বেনাৰ্জীয়ে । চিবিআইয়ে গ্ৰেপ্তাৰ কৰা ২ মন্ত্ৰীক কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনীয়ে আটক কৰি আনিছিল ।

আনহাতে বিধায়ক মদন মিত্ৰকো কলকতাৰ আৰক্ষীৰ সলনি কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনীয়ে আটক কৰিছিল । উৎকোচ লোৱা সন্দৰ্ভত এই ষ্ট্ৰিং অপাৰেচন চলাইছিল নাৰদা নিউজ পৰ্টেলে । দিল্লীৰ পৰা অহা এগৰাকী সাংবাদিকে এজন ব্যৱসায়ীৰ জৰিয়তে উৎকোচ লোৱা গোপন দৃশ্য বন্দী কৰিছিল ।

ষ্ট্ৰিং অপাৰেচনত নাম সাঙোৰ খাই পৰিছিল সেই সময়ত তৃণমূলৰ ৭ জন সাংসদ, তেতিয়াৰ ৪ গৰাকী মন্ত্ৰী,এজন বিধায়ক আৰু এজন আৰক্ষী বিষয়া ।২০১৬ চনৰ পশ্চিমবংগ নিৰ্বাচনৰ পূৰ্বে এই নাৰদাৰ ষ্ট্ৰিং অপাৰেচনৰ টেপ ৰাজহুৱা কৰাকলৈ তৃনমূল কংগ্ৰেছে ইয়াক ৰাজনৈতিক ষড়যন্ত্ৰ আখ্যা দিছিল ।

এই গোচৰত নাম সাঙোৰ খাইছিল তেতিয়াৰ ৰাজ্যসভাৰ সাংসদ তথা বৰ্তমান বিজেপি নেতা মুকল ৰায় আৰু শুভেন্দু অধিকাৰীৰ নামো । কিন্তু লক্ষনীয় ভাবে এই দুই নেতাক এতিয়ালৈকে চিবিআইয়ে গ্ৰেপ্তাৰ কৰা নাই ।

নাৰদা কেলেংকাৰীৰে নাম সাঙোৰ খোৱা আন এজন সাংসদ চুলতান আহমেদৰ ইতিমধ্যে মৃত্যু হৈছে । ২০২১ চনৰ পশ্চিমবংগ নিৰ্বাচনৰ পিছত এই গোচৰৰ ভিত্তিত মমতা বেনাৰ্জীৰ ২ মন্ত্ৰীক চিবিআইয়ে গ্ৰেপ্তাৰ কৰাক লৈও সন্দেহৰ আঙুলি উঠিছে ।

লক্ষণীয় যে মমতা বেনাৰ্জী আৰু বিজেপি নেতৃৃত্ব তথা নৰেন্দ্ৰ মোডী নেতৃত্বধীন বিজেপি চৰকাৰৰ সংঘাতে এই ঘটনাৰ পিছত আকৌ তীব্ৰ ৰূপ ধাৰণ কৰিছে । নিৰ্বাচনৰ পিছত ৰাজ্যখনত সংঘটিত হোৱা হিংসাত্মক ঘটনাৰ তল নৌপৰতেই পুনৰ এই ঘটনাকলৈ ৰাজ্য খনৰ আইন শৃংখলা জনিত পৰিস্থিতিৰ অধিক অৱনতি হোৱাৰ শংকাই দেখা দিছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in