বজাৰত মুকলি অতি কম মূল্যৰ এখন ইলেক্টনিক বাইক, PHOTO ৰ সৈতে সবিশেষ…

বজাৰত মুকলি অতি কম মূল্যৰ এখন ইলেক্টনিক বাইক, PHOTO ৰ সৈতে সবিশেষ…

author-image
asomiyapratidin
New Update
বজাৰত মুকলি অতি কম মূল্যৰ এখন ইলেক্টনিক বাইক, PHOTO ৰ সৈতে সবিশেষ…

ডিজিটেল ডেস্কঃ চাইনিজ স্মাৰ্টফোন নিৰ্মাতা প্ৰতিষ্ঠান চিঅ'মীয়ে কিছুদিনৰ পূৰ্বে মুকলি কৰিছে এখন ইলেক্টনিক বাইক। বাইকখনৰ নাম Mi HIMO Electric Bicycle T1। নতুনকৈ মুকলি কৰা এই বাইকখনৰ মূল্য আনবোৰ বাইতকৈ তুলনামূলকভাৱে কম। প্ৰাপ্ত খবৰ অনুসৰি এই বাইকখনৰ মূল্য ৪৫০ আমেৰিকা ডলাৰ অৰ্থাৎ প্ৰায় ৩১ হাজাৰ টকা।

যদিও হিম' টি১ ক এখন ইলেক্টনিক বাইক হিচাপে মুকলি কৰিছে কিন্তু এই বাইকখনৰ আছে পেডেল। পেডেল মাৰিও বহুদূৰ অতিক্ৰম কৰিব পাৰিব বাইকৰ গৰাকীয়ে।

এই ইলেক্টনিক বাইক খনত আছে ডিজিটেল ডিচপ্লে'। লগতে আছে ৩৫০ ৱাটৰ মটৰ।

বাইকখনৰ সংস্থাপন কৰা হৈছে ১৪০০ এম এ এইচ বেটেৰী। প্ৰতিষ্ঠানটোৱে দাবী কৰিছে যে সম্পূৰ্ণ ছাজ হ'লে এই বাইকখনে অতিক্ৰম কৰিব প্ৰায় ১২০ কি:মি: পথ।

উল্লেখ্য যে, চিঅ'মীয়ে ইয়াৰ পূৰ্বেও এখন ইলেক্টনিক বাইক মুকলি কৰিছিল। হিম ভি১ নামৰ বাইকখনৰ মূল্য আছিল প্ৰায় ১৮ হাজাৰ টকা।