/asomiyapratidin/media/media_files/2024/12/17/9rmJ5kNDn5cV67nosoQI.jpg)
ডিজিটেল ডেস্কঃ ভাৰতৰ পাইকাৰী মূল্য সূচক (WPI) নৱেম্বৰ মাহত হ্ৰাস হৈ ১.৮৯ শতাংশত উপনীত হৈছে। এয়া যোৱা তিনি মাহৰ ভিতৰত সকলোতকৈ কম।চৰকাৰী তথ্য অনুসৰি খাদ্যৰ মূল্য বিশেষকৈ শাক-পাচলিৰ দাম হ্ৰাস হোৱাৰ বাবে এই সূচকৰ পতন হৈছে বুলি প্ৰকাশ পাইছে।
অক্টোবৰ মাহত পাইকাৰী মূল্য সূচক আছিল ২.৩৬ শতাংশ। যোৱা বছৰৰ নৱেম্বৰ মাহত এই সংখ্যা আছিল ০.৩৯ শতাংশ। মন্ত্ৰণালয়ৰ তথ্য অনুসৰি পাইকাৰী মূল্য সূচক খাদ্যদ্ৰব্যৰ মূল্য ১৩.৫৪ শতাংশৰ পৰা ৮.৬৩ শতাংশলৈ হ্ৰাস হৈছে।
ইয়াৰ মাজতে শাক-পাচলিৰ মূল্য উল্লেখযোগ্যভাৱে হ্ৰাস হৈছে। যি অক্টোবৰ মাহত ৬৩.০৪ শতাংশ আছিল সেয়া নৱেম্বৰত ২৮.৫৭ শতাংশলৈ হ্ৰাস পাইছে। পিঁয়াজৰ মূল্য নৱেম্বৰ মাহত ২.৮৫ শতাংশ হ্ৰাস পাইছে।
ইন্ধন আৰু শক্তি খণ্ডত মূল্যবৃদ্ধি আৰু হ্ৰাস হৈ ৫.৮৩ শতাংশ হৈছেগৈ। যি অক্টোবৰ মাহত আছিল ৫.৭৯ শতাংশ। ইয়াৰ বিপৰীতে নিৰ্মাণ সামগ্ৰীৰ মূল্য বৃদ্ধি পাইছে। এই খণ্ডত অক্টোবৰৰ ১.৫০ শতাংশৰ পৰা নৱেম্বৰত ২ শতাংশত উপনীত হৈছে।
মন্ত্ৰণালয়ে এই সন্দৰ্ভত এক বিবৃতিত কয়, "২০২৪ চনৰ নৱেম্বৰত ইতিবাচক মুদ্ৰাস্ফীতিৰ মুখ্য কাৰণ হৈছে খাদ্য সামগ্ৰী, অন্যান্য নিৰ্মাণ সামগ্ৰী, বস্ত্ৰ, যন্ৰ্বপাতি আৰু সঁজুলিৰ মূল্য বৃদ্ধি।"
উপভোক্তা মূল্য সূচকৰ (চি পি আই) আধাৰত, ভাৰতৰ খুচুৰা মুদ্ৰাস্ফীতি অক্টোবৰৰ ৬.২১ শতাংশৰ পৰা নৱেম্বৰত ৫.৪৮ শতাংশলৈ হ্ৰাস পাইছে। এই হ্ৰাসৰ ফলত ফেব্ৰুৱাৰীত আৰ বি আইৰ মুদ্ৰা নীতি পৰ্যালোচনাত হাৰ হ্ৰাসহোৱাৰ আশা বৃদ্ধি পাইছে।
এই মাহৰ আৰম্ভণিতে, ভাৰতীয় ৰিজাৰ্ভ বেংকে ইয়াৰ মুদ্ৰা নীতি সমীক্ষাত সূতৰ হাৰ ৬.৫ শতাংশত অপৰিৱৰ্তিত ৰাখিছিল। ই নিৰপেক্ষ স্থিতি বজাই ৰাখিছে।