বিশ্বৰ সবাতোকৈ দামী গাড়ীখন, চাওক PHOTOৰ সৈতে VIDEO…

বিশ্বৰ সবাতোকৈ দামী গাড়ীখন, চাওক PHOTOৰ সৈতে VIDEO…

author-image
asomiyapratidin
New Update
বিশ্বৰ সবাতোকৈ দামী গাড়ীখন, চাওক PHOTOৰ সৈতে VIDEO…

ডিজিটেল ডেস্কঃ বিলাসী গাড়ী এখন চলোৱাে কাৰনো হেপাঁহ নাথাকে। বিজ্ঞান-প্ৰযুক্তিৰ দ্ৰুত উন্নয়নৰ এই যুগত প্ৰতিদিনেই বিশ্বত মুকলি হয় একো একোখন নতুন মডেলৰ গাড়ী। শেহতীয়াকৈ বজাৰত মুকলি হ'ল এখন বিশেষ গাড়ী। খবৰ অনুসৰি এই গাড়ীখনেই হৈছে বিশ্বৰ সবাতোকৈ অধিক মূল্যৰ গাড়ী।

এই গাড়ীখন নিৰ্মাণ কৰিছে বুগাতি নামৰ এটা বিখ্যাত গাড়ীনিৰ্মাতা প্ৰতিষ্ঠানে। বিশ্বৰ সবাতোকৈা দামী এই গাড়ীখনৰ নাম 'la voiture noire'।


— Bugatti (@Bugatti) March 5, 2019

কিছুদিনৰ পূৰ্বে ছুইজাৰলেণ্ডত অনুষ্ঠিত হোৱা ৮৯ সংখ্যল জেনেভা আন্তৰাষ্ট্ৰীয় মটৰ শ্ব'ত মুকলি কৰা হৈছিল এই গাড়ীখন। প্ৰতিষ্ঠানটোৱে এই মডেলৰ মাত্ৰ চাৰিখন বাহনহে নিৰ্মাণ কৰিছিল, ইয়াৰে তিনিখন বিক্ৰী হৈছে আৰু বাকী থকা আন এখন গাড়ী প্ৰতিষ্ঠানটোৱে নিজৰ লগত ৰাখিছে।

উল্লেখ্য যে, বিশ্বৰ সবোতোকৈ অধিক মূল্যৰ এই গাড়ীখন ১৯৩০ চনৰ ৫৭এছচি আটলান্টিকৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে।

'la voiture noire' হৈছে এটা ফান্স শব্দ, যাৰ অৰ্থ ' কলা বাহন'। এই বাহন খন বিক্ৰী হৈছে ১৮.৯ মিলিয়ন ডলাৰত অৰ্থাৎ প্ৰায় ১৩২ কোটি টকাত।