এ টি এম কাৰ্ডবিহীনভাৱে এতিয়া উলিয়াব পাৰিব ধন!

এ টি এম কাৰ্ডবিহীনভাৱে এতিয়া উলিয়াব পাৰিব ধন!

author-image
asomiyapratidin
New Update
এ টি এম কাৰ্ডবিহীনভাৱে এতিয়া উলিয়াব পাৰিব ধন!

ডিজিটেল ডেস্কঃ এ টি এম ব্যৱহাৰকাৰী সকলৰ বাবে ভাল খবৰ। এতিয়া কার্ডবিহীনভাৱে আপুনি এ টি এমৰ পৰা উলিয়াব পাৰিব ধন। ইনষ্টেণ্ট মানি ট্ৰান্সফাৰ (আই এম টি) ব্যৱস্থা দ্বাৰা আপুনি এ টি এম কার্ড নোহোৱাকৈয়ে ধন উলিয়াবলৈ সক্ষম হ'ব। এয়াৰটেল পেইমেণ্টছ বেংকৰ গ্ৰাহকসকলৰ বাবে উপলব্ধ হৈছে এই সুবিধা।

Advertisment

প্ৰথম পৰ্যায়ত ২০ হাজাৰ বেংকত উপলব্ধ হৈছে এই বিশেষ সুবিধা। 'মাই এয়াৰটেল' এপছৰ দ্বাৰা আপুনি কৰিব পাৰিব টকাৰ লেন-দেন। এমপেৰ কার্ডবিহীন প্ৰযুক্তিৰ জৰিয়তে সম্পাদন কৰিবলৈ লোৱা এই সুবিধা বিগত বছৰৰ শেষৰ ভাগলৈ দেশৰ প্ৰায় ১ লাখতকৈও অধিক এটিএমত উপলব্ধ হ'ব। ইফালে, প্ৰথম দুবাৰ টকা উলিওৱাৰ ক্ষেত্ৰত প্ৰতিজন গ্ৰাহকে দিব লাগিব ২৫ টকাকৈ ধন।