হোৱাটছ এপে দিব ১.৭৭ কোটি টকা, তাৰবাবে কৰিব লাগিব এটা সৰু কাম…

হোৱাটছ এপে দিব ১.৭৭ কোটি টকা, তাৰবাবে কৰিব লাগিব এটা সৰু কাম…

author-image
asomiyapratidin
New Update
হোৱাটছ এপে দিব ১.৭৭ কোটি টকা, তাৰবাবে কৰিব লাগিব এটা সৰু কাম…

ডিজিটেল ডেস্কঃ বিশ্বৰ আগশাৰীৰ ছচিয়েল মিডিয়াৰ ভিতৰত হোৱাটছ এপ হৈছে অন্যতম। কোটি কোটি লোকে ব্যৱহাৰ কৰা এই হোৱাটছ এপে শেহতীয়াকৈ ঘোষণা কৰিছে এটা চেলেঞ্জ, যি চেলেঞ্জৰ জৰিয়তে হোৱাটছ এপৰ এজন গ্ৰাহক হ'ব পাৰিব কোটিপতি। ভাৰতৰ ক্ষুদ্ৰ উদ্যোগী সকলৰ উদ্যমিতা বিকাশৰ বাবে ফেচবুক মালিকানাধীন হোৱাটছ এপ প্ৰতিষ্ঠানটোৱে 'ষ্টাৰ্টআপ ইণ্ডিয়া হোৱাটছ এপ গ্ৰেণ্ড চেলেঞ্জ'ৰ কথা ঘোষণা কৰিছে। ইনভেষ্ট ইণ্ডিয়াে সহযোগত আৰম্ভ কৰা এই পদক্ষেপৰ জৰিয়তে শীৰ্ষ ৫ গৰাকী বিজয়ীয়ে ১.৭৭ কোটিৰ টকাৰ পুৰষ্কাৰ অৰ্জনৰ সুযোগ লাভ কৰিব।

Advertisment

এই ষ্টাৰ্ট আপত থীম হিচাপে হোৱাটছ এপে বাছনি কৰিছে- স্বাহ্য সেৱা, গ্ৰাম্য অৰ্থনীতি, বিত্তীয় আৰু ডিজিটেল অন্তভুক্তি, শিক্ষা আৰু নাগৰিক সুৰক্ষা আদি ক্ষেত্ৰসমূহ। এই ক্ষেত্ৰসমূহৰ বিকাশৰ বাবে কিছু পৰিকল্পনা আৰু মডেলৰ সম্পৰ্কে হোৱাটছ এপক অৱগত কৰিব লাগিব। ইয়াৰ বাবে ইচ্ছুক সকলে চলিত বৰ্ষৰ ১০ মাৰ্চলৈকে পঞ্জীয়ন কৰিব পাৰিব। আবেদন কৰা প্ৰাৰ্থীসকলৰ পৰা নিদিষ্ট কমিটিয়ে চূড়ান্ত ৰাউণ্ডত ১০ গৰাকী শ্ৰেষ্ঠ ধাৰণা প্ৰদান কৰা প্ৰাৰ্থীক বাছনি কৰি উলিয়াব। আৰু ফাইনেলত বিজয়ী ৫ গৰাকীক প্ৰদান কৰা হ'ব ১.৭৭ কোটি টকা।