/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/01/342762-vodafone-file.jpg)
ডিজিটেল ডেস্কঃ কিছুদিনৰ পৰা দেশৰ টেলিকম কোম্পানীসমূহৰ মাজত যেন এক অঘোষিত প্ৰতিযোগিতা। কোন প্ৰতিষ্ঠানে কিমান ক'ম মূল্যত গ্ৰাহকক সেৱা প্ৰদান কৰি আকৰ্ষিত কৰিব পাৰে তাক লৈ এতিয়া এই প্ৰতিযোগিতা। জিঅ', এয়াৰটেল, বি এছ এন এল,ভোডফোন সকলোৱে বিগত কিছুদিনৰ পৰা গ্ৰাহকক প্ৰদান কৰিছে ভিন্ন অফাৰ।
শেহতীয়াকৈ টেলিকম প্ৰতিষ্ঠান ভোডাফোনে গ্ৰাহককলৈ আগবঢ়াইছে এটা বিশেষ পেকেজ। ১৫৪ টকা ৰিচাৰ্জ কৰি গ্ৰাহকে কথা পাতিব পাৰিব ৬ মাহৰলৈকে। প্ৰতিদিনে গ্ৰাহকে কথা পাতিব পাৰিব ৬০০ মিনিটকৈ। এই ৰিচাৰ্জত কেৱল ভোডাফোনৰ পৰা ভোডাফোনৰ গ্ৰাহকলৈহে কথাা কথা পাতিব পাৰিব। ৰাতি ১১ বজাৰ পৰা পুৱা ৬ বজালৈকে এই ৰিচাৰ্জৰ জৰিয়তে গ্ৰাহকে কথা পাৰিব। এই ১৫৪ টকীয়া ৰিচাৰ্জত টক-টাইমৰ বাহিৰে অন্য একো সুবিধা প্ৰদান কৰা নাই প্ৰতিষ্ঠানটোৱে।