ভোডাফোন-আইডিয়াৰ লোকচান

ভোডাফোন-আইডিয়াৰ লোকচান

author-image
asomiyapratidin
New Update
ভোডাফোন-আইডিয়াৰ লোকচান

ডিজিটেল ডেস্কঃ সংলগ্নকৰণৰ পিছতে লাভৰ সলনি লোকচানৰহে সন্মুখীন হৈছে দুৰ-সংযোগ প্ৰতিষ্ঠান ভোডাফোন- আইডিয়াই। যোৱা চেপ্তেম্বৰত সমাপ্ত হোৱা চলিত বিত্তীয় বৰ্ষৰ দ্বিতীয়টো ত্ৰিমাসিকৰ হিচাপত ৫,০০০ কোটি টকাৰ লোকচানৰ সন্মুখীন হোৱাৰ তথ্য প্ৰকাশ কৰিছে ভোডাফোন আইডিয়াই।

অহা ২০১৯ৰ মাৰ্চৰ ভিতৰত প্ৰতিষ্ঠানটোৱে ২৫,০০০ কোটি টকাৰ পুঁজি গঠনৰ পৰিকল্পনা কৰিছে। ইয়াৰে ১১,০০০ কোটি টকা ভোডাফোন গ্ৰুপে আৰু ৭,২৫০ কোটি টকা আদিত্য বিৰলা গ্ৰুপে আগবঢ়াব।