ভোডাফোনৰ বাম্পাৰ অফাৰ…

ভোডাফোনৰ বাম্পাৰ অফাৰ…

author-image
asomiyapratidin
New Update
ভোডাফোনৰ বাম্পাৰ অফাৰ…

ডিজিটেল ডেস্কঃ শেহতীয়াকৈ জিঅৰ সৈতে এখন অঘোষিত যুজঁত নামিছে টেলিকম প্ৰতিষ্ঠান ভোডাফোন। প্ৰতিষ্ঠানটোৱে তেওঁঁলোকৰ প্ৰি-পেইড প্লান ব্যৱহাৰকাৰী সকলৰ বাবে ঘোষণা কৰিছে এটা বাম্পাৰ অফাৰৰ। এই অফাৰৰ যোগেদি প্ৰি পেইড প্লান ১৯৯ আৰু ৩৯৯ টকাৰ ৰিৰ্ছাজ কৰা সকলে এতিয়াৰে পৰা লাভ কৰিব দুগুণ ডাটা।

Advertisment

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত খবৰনুসৰি ভোডাফোনে ১৯৯ টকীয়া প্লানটোত পূৰ্বে ২৮ দিনৰ বৈধতাৰে গ্ৰাহকক প্ৰতিদিনে প্ৰদান কৰিছিল ১.৫ জি বি ডাটা। কিন্তু কোনো গ্ৰাহকে এতিয়া ১৯৯ ৰিছাৰ্জ কৰিলে প্ৰতিদিনে লাভ কৰিব ৩ জি বি ডাটা।

ইফালে ৩৯৯ ৰ পেকেজটোত পূৰ্বে প্ৰতিদিনে প্ৰদান কৰা হৈছিল ১ জি বি ডাটা। কিন্তু এতিয়া গ্ৰাহকে এই পেকেজটো ক্ৰয় কৰিলে লাভ কৰিব প্ৰতিদিনে ২ জিবি ডাটা। ইয়াৰোপৰি দুয়োটা পেকেজতে গ্ৰাহকে বিনা এফ ইউ পিৰে আনলিমিটেড কলিংৰ লগতে প্ৰতিদিনে ১০০ টা মেছেজৰ সুবিধা লাভ কৰিব।