মন পছন্দৰ ছেলফি উপহাৰ দিবলৈ আহি আছে ভি-১১ প্ৰ’

মন পছন্দৰ ছেলফি উপহাৰ দিবলৈ আহি আছে ভি-১১ প্ৰ’

author-image
asomiyapratidin
New Update
মন পছন্দৰ ছেলফি উপহাৰ দিবলৈ আহি আছে ভি-১১ প্ৰ’

ডিজিটেল ডেস্কঃ ছেলফি প্ৰেমীসকলৰ বাবে সুখবৰ। অচিৰেই ভাৰতৰ বজাৰলৈ আহি আছে ম'বাইল কোম্পানীৰ ভিভ'ৰ ভি-১১ প্ৰ'। অতি আকৰ্ষণীয় আৰু নতুন নতুন ফিচাৰ সমৃদ্ধ এই ম'বাইলটো ভাৰতত ৬ ছেপ্টেম্বৰত মুকলি কৰাৰ সম্ভাৱনা আছে।

Advertisment

স্মাৰ্ট ফোনটোৰ বিষয়ে ম'বাইল কোম্পানীটোৱে বৰ্তমানলৈকে একো তথ্য ৰাজহুৱা কৰা নাই যদিও, ছ'চিয়েল মিডিয়াত মাজে সময়ে মোবাইলটোৰ কিছু ফটো আৰু ফিচাৰ্ছ সৰ্ম্পকে জানিব পৰা গৈছে।

ফোনটো দেখাত অতি আকৰ্ষণীয় হোৱাৰ লগতে থাকিব স্ক্ৰীণ ফিংগাপ্ৰিন্ট ছেন্সৰ ব্যৱস্থা। ছ'চিয়েল মিডিয়াত লাভ কৰা ফটো অনুসৰি, ম'বাইলটোত আছে দুটাকৈ ৰিয়েৰ কেমেৰা।

এণ্ড্ৰইড পিয়ৰৰ ৰিপৰ্ট অনুসৰি ফোনটোত উপলদ্ধ সুবিধাসমূহ এনেধৰণৰ- ম'বাইলটোত ৬.৪১ ইঞ্চিৰ ফুল এইচ ডি ডিচপ্লেৰ লগতে থাকিব ৱাটাৰড্ৰপ ডিছপ্লে নাৰ্ছ ডিজাইন। মোবাইলটোত ৬৪ জি বি ইণ্টাৰনেল মেম'ৰী, কোৱালকাম স্নেপড্ৰেগ'ন ৬৬০ প্ৰছেচৰৰ সৈতে ৬ জি বি ৰ'মো উপলব্ধ হ'ব। স্মাৰ্ট ফোনটোৰ বেটাৰী ৩৪০০ এম এ এইছৰ হ'ব, য'ত ফাষ্ট চাৰ্জিং ছিষ্টেইম পোৱা যাব।

মোবাইলটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ফিচাৰটো হ'ল ইয়াত ২৫ মেগাপিক্সেলৰ ফ্ৰন্ট কেমেৰা থাকিব। যাৰ দ্বাৰা আপুনি ল'ব পাৰি পাৰ্ফেক্ট ছেলফি। মোবাইল কোম্পানীটোৱে ফোনটোৰ সম্পৰ্কত একো তথ্য ৰাজহুৱা কৰা নাই যদিও বজাৰত ইয়াৰ মূল্য প্ৰায় ২০হাজাৰৰ পৰা ২৫হাজাৰ হোৱাৰ সম্ভাৱনা আছে।