কৃষকৰ সন্তানৰ বাবে বিবেক অৱেৰয়ৰ ১৬ কোটি টকাৰ স্কলাৰশ্বিপ…

কৃষকৰ সন্তানৰ বাবে বিবেক অৱেৰয়ৰ ১৬ কোটি টকাৰ স্কলাৰশ্বিপ…

author-image
asomiyapratidin
New Update
কৃষকৰ সন্তানৰ বাবে বিবেক অৱেৰয়ৰ ১৬ কোটি টকাৰ স্কলাৰশ্বিপ…

ডিজিটেল ডেস্কঃ বলিউডৰ প্ৰখ্যাত অভিনেতা বিবেক অৱেৰয়ে ছাত্ৰ ছাত্ৰীৰ ভবিষ্যত সুৰক্ষাৰ বাবে আৰম্ভ কৰিছে এক অভিযানৰ। ইয়াৰ জৰিয়তে তেওঁ যোগ্য ছাত্ৰক প্ৰদান কৰিব ১৬ কোটি টকা পৰ্যন্ত স্কলাৰশ্বিপ। তেওঁৰ এই অভিযানৰ উদ্দেশ্য হৈছে দেশৰ দৰিদ্ৰ খেতিয়ক শ্ৰেণীক সকাহ দিয়া।

Advertisment

প্ৰধানতঃ কৃষকৰ সন্তান সকলক সহায় কৰিবৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে অভিনেতাজনে। এই স্কলাৰশ্বিপে ছাত্ৰ সকলক জেইই আৰু নিটৰ দৰে পৰীক্ষাত উত্তীৰ্ণ হোৱাটো সহায় কৰিব। এই বিষয়ে মন্তব্য আগৱঢ়াই অভিনেতাজনে কয় যে দুখীয়া ছাত্ৰ-ছাত্ৰীক সহায় কৰাটো তেওঁৰ এক সপোন সদৃহ আছিল।

তেওঁ কয় যে দেশত বহু শিক্ষাৰ্থী আছে যিসকলে কেৱল ধনৰ অভাৱতে মেধাৱী হোৱা স্বতেও শিক্ষা লাভৰ পৰা বঞ্চিত হয়। তেওঁ লগতে কয় যে তেওঁ নিবিচাৰে যে ভৌগোলিক অথবা অৰ্থনৈতিক কাৰকৰ বাবে এই উজ্জ্বল ভবিষ্যত বোৰ মৰহি যাৱক। এই সকল শিক্ষাৰ্থীৰ কথা চিন্তা কৰিয়েই তেওঁ এই পদক্ষেপ গ্ৰহণ কৰা বুলি মন্তব্য কৰিছে।