/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/02/kamala.jpg)
ডিজিটেল ডেস্কঃ ভাৰতত চলি থকা কৃষক আন্দোলনৰ সমৰ্থনত মাত মতা সকলৰ ভিতৰত নতুনকৈ অন্তৰ্ভুক্ত হৈছে আন এটি বিশেষ নাম। আমেৰিকাৰ অধিৱক্তা তথা উপৰাষ্ট্ৰপতি কমলা হেৰিচৰ ভতিজা মীনা হেৰিছে কৃষক আন্দোলনৰ এখন ফটো চেয়াৰ কৰি তেওঁলোকৰ প্ৰতি নিজৰ সমৰ্থন ব্যক্ত কৰিছে।
মীনা হেৰিছে শুকুৰবাৰে কৰা এক টুইটযোগে তেওঁ ভাৰতীয় কৃষক সকলৰ সমৰ্থনত ঠিয় হোৱাৰ স্থিতি সমৰ্কে স্পষ্ট কৰি দিয়াৰ পিছত তেওঁ কেনে ধৰণৰ প্ৰতিক্ৰিয়া লাভ কৰিছে বুলি বিশ্ববাসীৰ দৃষ্টি আকৰ্ষণ কৰিছে। মীনা হেৰিছে আন এটি টুইটযোগে পুনৰ তেওঁ নিজৰ স্থিতি স্পষ্ট কৰি কয় যে- মই কেতিয়াও পিছু হুহঁকি নাহো আৰু মনে মনে বহি নাথাকো।