অনিশ্চয়তাত ২৬ জানুৱাৰীৰ কৃষকৰ ট্ৰেক্টৰ ৰেলী, উচ্চতম ন্যায়ালয়ে কি দিলে ৰায়…

অনিশ্চয়তাত ২৬ জানুৱাৰীৰ কৃষকৰ ট্ৰেক্টৰ ৰেলী, উচ্চতম ন্যায়ালয়ে কি দিলে ৰায়…

author-image
asomiyapratidin
New Update
অনিশ্চয়তাত ২৬ জানুৱাৰীৰ কৃষকৰ ট্ৰেক্টৰ ৰেলী, উচ্চতম ন্যায়ালয়ে কি দিলে ৰায়…

ডিজিটেল ডেস্কঃ ২৬ জানুৱাৰী গণতন্ত্ৰ দিৱসত কৃষকৰ প্ৰস্তাৱিত ট্ৰেক্টৰ ৰেলীৰ কাৰ্যসূচী এতিয়া অনিশ্চয়তাৰ মাজত সোমাই পৰিছে। সোমবাৰে দেশৰ উচ্চতম ন্যায়ালয়ে দিয়া এক ৰায়দানত কোৱা হৈছে যে ৰাজধানী চহৰ দিল্লীত কৃষক ট্ৰেকৰ ৰেলী আইন শৃংখলাজনিত বিষয়। সেয়ে দিল্লীত কাক প্ৰৱেশ কৰিবলৈ দিব সেই সিদ্ধান্ত আৰক্ষী আৰু প্ৰশাসনে গ্ৰহণ কৰিব।

উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে এই সম্পৰ্কে আবেদন দাখিল কৰা এ পি সিঙক কয় যে, দিল্লীত কোনে প্ৰৱেশ কৰিব বা কোনে নকৰে সেয়া আৰক্ষীয়ে নিৰ্ধাৰণ কৰিব,ন্যায়ালয় ইয়াৰ প্ৰথম কৰ্তৃত্ব নহয়। উল্লেখ্য যে এ পি সিঙে ৰামলীলা মৈদানত এই ট্ৰেক্টৰ শোভাযাত্ৰাৰ বাবে অনুমতি বিচাৰিছিল।আনহাতে মুখ্য ন্যায়াধীশে কয় যে উচ্চতম ন্যায়ালয়ে এই সম্পৰ্কে বুধবাৰে শুনানি গ্ৰহণ কৰিব।

উল্লেখ্য যে, দিল্লীত কৃষক বিক্ষোভ বৰ্তমানেও অব্যাহত আছে। আন্দোলনৰ মাজে মাজে কেন্দ্ৰীয় চৰকাৰ আৰু কৃষকৰ মাজত চলি থকা আলোচনাই কোনো স্থায়ী সমাধান সুত্ৰৰ এতিয়াও ওলোৱা নাই।ইফালে নিজৰ স্থিতিত বৰ্তমানেও অটুট আছে কৃষক সকল।