/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/01/uttar-pradesh.jpg)
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ বাগপচত চলি থকা কৃষকৰ ধৰ্ণা কাৰ্যসূচীত আৰক্ষীয়ে জোৰ জৱৰদস্তি শেষ কৰিবলৈ কৰা চেষ্টাৰ কথা চৰ্চালৈ আহিছে। উল্লেখ্য যে উত্তৰ প্ৰদেশতো তিনিখন নতুন কৃষি আইনৰ বিৰুদ্ধে কৃষক সকলে বিক্ষোভ কাৰ্যসূচীৰ ৰূপায়ন কৰিছিল। কৃষকৰ এই ধৰ্ণা দিল্লী যমুনোত্ৰী ৰাষ্ট্ৰীয় ঘাইপথত কেইবামাহ ধৰি চলি আহিছিল।
কিন্তু যোৱা ৰাতি সেইঠাইত আৰক্ষী উপস্থিত হৈ লাঠী চালনা কৰে। ইয়াৰ পিছতে আৰক্ষীয়ে কৃষকসকলে আন্দোলনৰ বাবে নিৰ্মান কৰা অস্থায়ী টেন্ট আৰু তম্বুবোৰ আঁতৰাই পেলায়। ইয়াৰ বিৰুদ্ধে যথেষ্ট ক্ষোভ প্ৰকাশ কৰিছে কৃষক সকলে।
बड़ौत में खाप महापंचायत।
बड़ौत में जारी किसानों के धरने को पुलिस ने रात में लाठी डंडों के ज़रिए ख़त्म करवा दिया। इसी के विरोध में ये महापंचायत है।
इसमें राठी खाप, धनकड़ खाप, धामा खाप, तोमर खाप ऐसी तमाम खाप के मुखिया यहां जुटे हैं।#farmersrprotestpic.twitter.com/a39Is4YlLG
— Parimal Kumar (@parimmalksinha) January 31, 2021
আৰক্ষীৰ তদন্তৰ বিৰুদ্ধে সেইঠাইত উপস্থিত থাকে বহুকেইখন গাঁৱৰ মুখিয়াল। কৃষক সকলে কয় যে চৰকাৰে তিনিওখন কৃষি আইন বাতিল কৰিবই লাগিব। নিজৰ স্থিতিত বৰ্তমানেও অক্ষুন্ন আছে কৃষক। কৃষকৰ ঐক্যবদ্ধ ৰুপ দেখি তেওঁলোকক বুজনি দিয়াৰো চেষ্টা কৰিছে আৰক্ষীয়ে।