/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/01/america-2.jpg)
ডিজিটেল ডেস্কঃ কোৰোনা ভাইৰাছৰ সংক্ৰমণৰ সৈতে যুঁজ দিয়াৰ ক্ষেত্ৰত বহু কেইখন দেশক সহায় কৰাৰ ক্ষেত্ৰত ভাৰতৰ নাম বিশেষভাৱে উল্লেখ কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ মুখ্য সচিৱ এন্টোনিয়া গোটাৰিছে কয় যে ভাৰতৰ কোভিড ভেকচিন নিৰ্মাণৰ ক্ষমতা পৃথিৱীৰ বহুকেইখন পুঁজিপতি দেশৰ অগ্ৰনী। তেওঁ আশা ব্যক্ত কৰিছে ভাৰতৰ পৃথিৱীৰ কোভিডৰ ভেকচিনৰ প্ৰয়োজনতাৰ প্ৰতি লক্ষ্য ৰাখি ভেকচিন প্ৰস্তুত কৰা সম্পূৰ্ণ ক্ষমতা আছে।
গোটাৰেছে কয় যে, তেওঁলোকে ভাৰতৰ ওপৰত সম্পূৰ্ণঁ ভৰষা ৰাখিছে। আৰু তেওঁলোক বিশ্বাসী যে ভাৰতে উন্নত মানৰ টিকা পৃথিৱীবাসীক উপহাৰ দিব। উল্লেখ্য যে ভাৰতে জেনেটিক ঔষধৰ ক্ষেত্ৰতো বিশেষ ফল প্ৰদৰ্শন কৰিছে বুলি উল্লেখ কৰি আমেৰিকাৰ মু্খ্য সচিব জনে ভাৰতক কোভিডৰ প্ৰকৃত যোদ্ধা বুলি উল্লেখ কৰিছে।