/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/02/twtr.jpg)
ডিজিটেল ডেস্কঃ আমেৰিকাৰ সামাজিক মাধ্যমৰ প্ৰতিষ্ঠান টুইটাৰে কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ পালন কৰিবলৈ অমান্তি ব্যক্ত কৰিছে।উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰে কৃষক আন্দোলনৰ সমৰ্থনত লিখা ১,১৭৮ টা টুইটাৰ একাউন্ট বন্ধ কৰাৰ নিৰ্দেশ দিছিল।
বুধবাৰে টুইটাৰ কৰ্তৃপক্ষই তেওঁলোকে বহুকেইটা একাউন্টৰ ভাৰতীয় এক্সেঞ্জ কৰাৰ পৰাহে বিৰত কৰাৰ পাৰে , ইয়াত তেওঁলোকে সম্পূৰ্ণ ৰুপে বাতিল কৰিব নোৱাৰে। এই সন্দৰ্ভত কৰ্তৃপক্ষই জানিবলৈ দিছে যে একেবাৰে টুইটাৰৰ পৰা একাউন্ট ডিলিট কৰাটো টুইটাৰৰ আইন বহিৰ্ভুত।
টুইটাৰে এক ব্লগযোগে চৰকাৰক সম্বোধন কৰি তেওঁলোকে টুইটাৰত কি কি সংশোধন কৰিব পাৰে সেই বিষয়ে উল্লেখ কৰিছে। ইয়াৰ লগতে তেওঁলোকে টুইটাৰৰ ফ্ৰী স্পিড আৰু ইন্টাৰনেটৰ সপক্ষে মন্তব্য কৰি কয় যে এয়া বন্ধ কৰিলে পৃথিৱীৰ ভিন্ন ঠাইত বিপজনক পৰিৱেশৰ উদ্বেগ হ'ব পাৰে।
উল্লেখ্য যে, চৰকাৰ আৰু টুইটাৰৰ মাজৰ এই অৰিয়া অৰিৰ মাজতে খবৰ অনুসৰি চৰকাৰে টুইটাৰক স্থানীয় নিয়ম পালন কৰিবলৈ আহ্বান কৰিছে ইয়াৰ বিপৰীতে চৰকাৰে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰাৰ কথাও উল্লেখ কৰে।