/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/05/TVS-Motor-Company-Announces-Salary-Cuts-For-Employees.jpg)
প্ৰতীকি ফটো
ডিজিটেল ডেস্কঃ কোৰোনা ভাইৰাছৰ সন্ত্ৰাস বৃদ্ধি পোৱাৰ সময়তে বিভিন্ন ব্যক্তিগত প্ৰতিষ্ঠানসমূহলৈ অন্ধকাৰ নামি আহিছে। কিছু কিছু প্ৰতিষ্ঠানে কৰ্মচাৰীক প্ৰাপ্য দৰমহা দিবলৈ সক্ষম হৈছে যদিও বহু প্ৰতিষ্ঠানে দিবলৈ সক্ষম হোৱা নাই মাহিলী দৰমহা। শেহতীয়াকৈ টিভিএছ নামৰ দুচকীয়া বাহন নিৰ্মাণ আৰু বিক্ৰী প্ৰতিষ্ঠানটোৱে ইয়াৰ কৰ্মচাৰীসকলৰ দৰমহা কৰ্তন কৰিব বুলি এক সূত্ৰই জানিবলৈ দিছে।
লকডাউন আৰু কোৰোনা মহামাৰীৰ বাবে সন্মুখীন হোৱা লোকচানৰ বাবেই এই সিদ্ধান্ত প্ৰতিষ্ঠানটোৱে লৈছে বুলি জানিব পৰা গৈছে। লকডাউনৰ বাবে বাহন প্ৰস্তুত আৰু বিক্ৰী কৰিব পৰা নাই প্ৰতিষ্ঠানটোৱে। কেৱল এয়াই নহয় লগতে বাহনৰ যন্ত্ৰাংশও বিক্ৰী কৰিবলৈ সক্ষম হোৱা নাই টিভিএছ।
মে' মাহৰ পৰা অক্টোবৰলৈকে কৰ্মচাৰীৰ দৰমহা কৰ্তন হ'ব বুলি টিভিএছৰ এক সূত্ৰই ইতিমধ্যে সদৰি কৰিছে আৰু এই প্ৰসংগত ৰাষ্ট্ৰীয় সংবাদমাধ্যমত খবৰ প্ৰকাশ পাইছে। লগতে টিভিএছৰ শীৰ্ষ সূত্ৰটোৱে জনোৱা অনুসৰি লকডাউনৰ সময়ত তেওঁলোকৰ প্ৰতিষ্ঠানৰ বিক্ৰী একেবাৰে হ্ৰাস পোৱাৰ বাবে এনে সিদ্ধান্ত লবলৈ তেওঁলোক বাধ্য হৈছে।