/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/01/senitary.jpg)
ডিজিটেল ডেস্কঃ ত্ৰিপুৰাৰ শিক্ষামন্ত্ৰী ৰতনলালে নাথে ঘোষণা কৰিছে যে ৰাজ্য চৰকাৰখনে ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ সকলো ছাত্ৰীৰ বাবে বিনামুলীয়া চেনিটাৰী নেপকিন বিতৰণ কৰা বিষয়টো মঞ্জুৰ কৰিছে। শিক্ষামন্ত্ৰী গৰাকীয়ে এই সন্দৰ্ভত কয় যে, বিদ্যালয়ৰ ছাত্ৰীসকলক পৰিচ্ছন্নতা বৰ্তাই ৰাখিবলৈকে এই পদক্ষেপ গ্ৰহণ কৰিছে।
"কিশোৰী সুচিতা অভিযান" নামৰ এই আঁচনিৰ জৰিয়তে সৰ্বমুঠ ১,৬৮,২৫২ গৰাকী ছাত্ৰীয়ে বিনামুলীয়া নেপকিন লাভ কৰিব।আগন্তুক ৩ বছৰত এই অভিযানৰ বাবে ৰাজ্য চৰকাৰখনে ৩,৬১,৬৩, ২৪৮ টকা বিনিযোগ কৰিব।