জাগ্ৰত কৃষকৰ অবিৰত সংগ্ৰামত নতশীৰ চৰকাৰ, ২৬ জানুৱাৰীত ট্ৰেক্টৰ ৰেলীলৈ অনুমতি…

জাগ্ৰত কৃষকৰ অবিৰত সংগ্ৰামত নতশীৰ চৰকাৰ, ২৬ জানুৱাৰীত ট্ৰেক্টৰ ৰেলীলৈ অনুমতি…

author-image
asomiyapratidin
New Update
জাগ্ৰত কৃষকৰ অবিৰত সংগ্ৰামত নতশীৰ চৰকাৰ, ২৬ জানুৱাৰীত ট্ৰেক্টৰ ৰেলীলৈ অনুমতি…

ডিজিটেল ডেস্কঃ অৱশেষত দিল্লীৰ কৃষকৰ দৃঢ়তাই উফৰালে সকলো চৰকাৰী অভিসন্ধি। কৃষক সকলে বিগত সময়ছোৱাত অৱ্যাহত ৰখা কৃষক আন্দোলনে ইতিমধ্যে বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিছে।

Advertisment

উল্লেখ্য যে, কৃষক সকলে শনিবাৰে দিল্লী আৰু এনচিআৰৰ আৰক্ষীৰ সৈতে এক বৈঠকত মিলিত হয় আৰু সকলো অনিশ্চয়তাৰ পিছত অৱশেষত এই বৈঠকত আৰক্ষীয়ে গণতন্ত্ৰ দিৱসত কৃষকৰ ট্ৰেক্টৰ ৰেলীক বিষয়টোত সন্মতি প্ৰকাশ কৰিছে।

কৃষক নেতা দৰ্শনপালে এই বিষয়ে কয় যে, এতিয়া তেওঁলোকে গণতন্ত্ৰ দিৱসত ট্ৰেক্টৰ ৰেলী প্ৰদৰ্শন কৰিব। আৰক্ষীয়ে আৰু এতিয়া তেওঁলোকক বাধা নিদিয়ে। তেওঁ লগতে কয় যে, কৃষকসকলে ৫ টা ভিন্ন পথত শান্তিপূৰ্ণভাৱে এই ৰেলী প্ৰদৰ্শন কৰিব ।