অচিৰেই ৰান্ধনী সকললৈ সকাহ দিব কেন্দ্ৰীয় চৰকাৰে…

অচিৰেই ৰান্ধনী সকললৈ সকাহ দিব কেন্দ্ৰীয় চৰকাৰে…

author-image
asomiyapratidin
New Update
অচিৰেই ৰান্ধনী সকললৈ সকাহ দিব কেন্দ্ৰীয় চৰকাৰে…

ডিজিটেল ডেস্কঃ অচিৰেই হ্ৰাস পাব ৰন্ধন গেছৰ মূল্য। এই ঘোষণা কৰিছে কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে। এক ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সৈতে হোৱা সাক্ষাৎকাৰত মন্ত্ৰীগৰাকীয়ে কয় যে চলিত বৰ্ষৰ মাৰ্চ মাহতে হ্ৰাস পাব ৰন্ধন গেছৰ মূল্য। লগতে চলিত বৰ্ষত কেইবাবাৰো বৃদ্ধি পোৱা ৰন্ধন গেছৰ মূল্য সন্দৰ্ভত তেওঁ কয়, 'আন্তৰাষ্ট্ৰীয় বজাৰত দাম বৃদ্ধি হোৱাৰ বাবেই ভাৰততো এলপিজি চিলিণ্ডাৰৰ মূল্য বৃদ্ধি পাইছে। কিন্তু বৰ্তমান এই মূল্য নিয়ন্ত্ৰণলৈ আহিছে। গতিকে গ্ৰাহকে অতি সোনকালে পূৰ্বতকৈ কম মূল্যত ক্ৰয় কৰিব পাৰিব ৰন্ধন গেছ।' উল্লেখ্য যে, কিছুদিনৰ পূৰ্বে ৰাজ সাহায্যবিহীন ৰন্ধন গেছৰ প্ৰতিটো চিলিণ্ডাৰত বৃদ্ধি পাইছিল ১৪৪.৫০ টকাকৈ।