/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/02/atsa.jpg)
ডিজিটেল সংবাদ,উৰিয়ামঘাটঃ গোলাঘাট জিলাৰ সৰুপথাৰত ধনশিৰি মহকুমাৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মূখত বৰপথাৰ আৰু সৰুপথাৰ শাখাই ২ ঘণ্টীয়া ধৰ্ণা কাৰ্যসুচী ৰূপায়ণ কৰে।
চাহশ্ৰমিক সকলৰ দৈনিক মজুৰি ১৬৭ টকাৰ পৰিৱৰ্তে ৩৫১ টকালৈ বৃদ্ধি কৰা, চাহ জনজাতিক জনজাতি কৰণৰ মৰ্যদা প্ৰদান কৰাৰ, চাহ শ্ৰমিকৰ দীৰ্ঘদিনীয়া দাবী ভুমি পট্ৰা প্ৰদান কৰাৰ দাবীত ৰাজহ চক্ৰ বিষয়া কাৰ্য্যালয়ৰ সন্মুখত প্ৰায় শতাধিক চাহ শ্ৰমিকে বিভিন্ন শাসক বিৰোধী শ্লগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । আনহাতে ৰাজহ চক্ৰ বিষয়াৰ যোগেদি মুখ্যমন্ত্রীলৈও তিনি দফিয়া স্মাৰক পত্ৰ প্ৰদান।