/asomiyapratidin/media/media_files/2024/11/22/juSte7cOwDmmPFm7qk1K.jpg)
ডিজিটেল ডেস্কঃ গৌতম আদানী কাণ্ডতকৈ বিনিয়োগকাৰীৰ বাবে বেছি গুৰুত্বপূৰ্ণ মহাৰাষ্ট্ৰৰ ৰাজনীতি! ভাৰতীয় শ্বেয়াৰ বজাৰে শনিবাৰে এই কথাকেই যেন প্ৰমাণ কৰিলে।
নিৰ্বাচনৰ ভোট গণনাৰ আগদিনা শ্বেয়াৰ বজাৰৰ উৰ্ধ্বমুখী উত্থানে বহুতৰে মুখলৈ হাঁহি বিৰিঙাই আনিলে। প্ৰায় সাত সপ্তাহৰ পাছত শ্বেয়াৰ বজাৰৰ ষাড় পুনৰ এবাৰ তীব্ৰগতিৰে দৌৰ দিলে।
শুকুৰবাৰে প্ৰায় ২০০০ পইণ্ট উঠিল ছেনছেক্স। নিফটিও উৰ্ধ্বমুখী হৈ বৃদ্ধি পালে ৫০০ পইণ্ট। ২১ নৱেম্বৰত গৌতম আদানী কাণ্ডৰ বাবেই শ্বেয়াৰ বজাৰৰ সূচক নিম্নমুখী হৈছিল। লোকচনাৰ সন্মুখীন হৈছিল বহু বিনিয়োগকাৰী।
২২ নৱেম্বৰ, শুকুৰবাৰে বম্বে ষ্টক এক্সছেঞ্জ বন্ধ হয় ৭৯,১১৭.১১ পইণ্টত।ছেনছেক্সত শ্বেয়াৰ সূচক ১,৯৬১.৩২ পইণ্ট বৃদ্ধি পাইছে। পুৱা বজাৰ আৰম্ভ হোৱাৰ সময়ত বম্বে ষ্টক এক্সছেঞ্জৰ শ্বেয়াৰ সূচক আছিল ৭৭,৩৪৯.৭৪ পইণ্ট।
আনহাতে বজাৰ আৰম্ভ হোৱাৰ সময়ত নেচনেল ষ্টক এক্সছেঞ্জৰ শ্বেয়াৰ সূচক আছিল ২৩,৪১১.৮০ পইণ্ট। দিনান্তত নিফটি হয়গৈ ২৩,৯০৭.২৫ পইণ্ট। ইয়াত আজি বৃদ্ধি পাই মুঠ ৫৫৭.৩৫ পইণ্ট।
অধিকাংশ ব্ৰোকাৰেজ ফাৰ্মৰ মতে যোৱা ৫ মাহৰ পাছত আজিয়েই ইয়াত সৰ্বাধিক বৃদ্ধি হৈছে। উল্লেখ্য যে, ২৩ নৱেম্বৰ শনিবাৰে ঝাৰখণ্ড আৰু মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰিব।
ইতিমধ্যে প্ৰকাশিত এক্সিট পোলে মহাৰাষ্ট্ৰতো বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটকে পুনৰ ক্ষমতালৈ আহিব বুলি দাবী কৰিছে। শ্বেয়াৰ বজাৰ বিশেষজ্ঞৰ দাবী বৃহস্পতিবাৰে যদিও আদানী কাণ্ডৰ বাবে শ্বেয়াৰ বজাৰত পতন আৰম্ভ হৈছিল কিন্তু এক্সিট পোলে গোটেই দৃশ্যপট সলনি কৰিলে।
বিশেষজ্ঞৰ মতে বিনিয়োগকাৰীয়ে আদানী কাণ্ডতকৈ মহাৰাষ্ট্ৰৰ নিৰ্বাচনী ফলাফলক অধিক গুৰুত্ব প্ৰদান কৰিছে। আজিৰ দিনটোত ২,১৯৪ টা ষ্টকত উৰ্ধগতি দেখিবলৈ পোৱা গ'ল। দাম কমিল ১,১৯২ টা শ্বেয়াৰৰ। ৭৭ টা ষ্টক অপৰিৱৰ্তীত হৈ থাকিল।
সকলো মিলি নিফটিত ২ শতাংশ বৃদ্ধি দেখা পোৱা গল। বম্বে ষ্টক এক্সেঞ্জত ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ, ষ্টেট বেংক অফ ইণ্ডিয়া, আই চি আই চি বেংক, ইণ্ডাছইণ্ড বেংক, টাটা মটৰছ, পাৱাৰ গ্ৰীড, বাজাজ ফাইনেন্স, বাজাজ ফিনছাৰ্ভ, টেক মহিন্দ্ৰাই সকলোতকৈ ভাল ফলাফল দেখুৱালে।
নেচনেল ষ্টক এক্সেঞ্জত আকৌ তথ্যপ্ৰযুক্তি, তেল আৰু গেছ, বেংক ষ্টকসমূহ বুলেটৰ গতিত উৰ্ধমুখী হোৱা দেখিবলৈ পোৱা গল। নিফটিত ৰাষ্ট্ৰীয়কৃত বেংকসমূহৰ শ্বেয়াৰৰ মূল্য প্ৰায় ৩ শতাংশ বৃদ্ধি পালে।