Advertisment

ড'নাল্ড ট্ৰাম্পে মঙ্গলবাৰে অমঙ্গল কঢ়িয়াই আনিলে শ্বেয়াৰ বজাৰলৈ...

ড’নাল্ড ট্ৰাম্পৰ বাবে মঙ্গলবাৰে পুৱাই অমঙ্গলে দেখা দিলে শ্বেয়াৰ বজাৰত ! সোমবাৰে মাৰ্কিন ৰাষ্ট্ৰপতি হিচাপে দ্বিতীয়বাৰৰ বাবে শপতগ্ৰহণ কৰিলে ড’নাল্ড ট্ৰাম্পে।

author-image
Asomiya Pratidin
New Update
ড'নাল্ড ট্ৰাম্পে মঙ্গলবাৰে অমঙ্গল কঢ়িয়াই আনিলে শ্বেয়াৰ বজাৰলৈ...

ডিজিটেল ডেস্কঃ ড’নাল্ড ট্ৰাম্পৰ বাবে মঙ্গলবাৰে পুৱাই অমঙ্গলে দেখা দিলে শ্বেয়াৰ বজাৰত ! সোমবাৰে মাৰ্কিন ৰাষ্ট্ৰপতি হিচাপে দ্বিতীয়বাৰৰ বাবে শপতগ্ৰহণ কৰিলে ড’নাল্ড ট্ৰাম্পে। ইয়াৰ পাছতে মঙ্গলবাৰে শ্বেয়াৰ বজাৰ খোলাৰ লগে লগে অমঙ্গলৰ ইংগিত দিয়ে।

Advertisment

সময় বাগৰাৰ লগে বজাৰত ছেনছেক্স আৰু নিফটিৰ সূচক হোৰাহোৰে তললৈ নামে। সকলো মিলি এদিনতে বিনিয়োগকাৰীয়ে হেৰুৱালে ৫ লাখ কোটি টকা।

মঙ্গলবাৰে পুৱা বজাৰ খোলাৰ লগে লগেই বম্বে ষ্টক এক্সেঞ্জত ছেনছেক্স ৮৮৪ পইণ্ট হ্ৰাস পাই ৭৬,২২৪.৭৯ পইণ্টত উপনীত হয়। সেইদৰে নেচনেল ষ্টক এক্সেঞ্জত নিফটি ২১৭ পইণ্ট তললৈ নামি ২৩,১২৭.৭০ ত উপনীত হয়।

দিনটোত সকলোতকৈ বেছি লোকচান হয় মিডকেপ আৰু স্মল কেপ সংস্থাসমূহত। সেইসমূহৰ ভিতৰত জমেট’, ডিক্সান টেকনো, অ’বেৰ, কল্যাণ জুয়েলাৰ্ছৰ দৰে সংস্থাৰ সৰ্বাধিক লোকচান হৈছে।

অৱশ্যে এনে এক দুৰৱস্থাৰ মাজতো লাভৰ মুখ দেখিলে হিন্দুস্তান পেট্ৰ’লিয়ামছ, ভাৰত পেট্ৰ’লিয়ামছ, এপলো হাস্পতালৰ শ্বেয়াৰে। বিশেষজ্ঞসকলৰ মতে এনে বিপৰ্যয়ৰ আঁৰত কেইবাটাও কাৰণ আছে।

আন্তৰ্জাতিক বজাৰত ক্ৰুড অইলৰ দাম বৃদ্ধি হৈছে। যোৱা কেইবামাহ ধৰি ধাৰাবাহিকভাৱে ক্ৰুড অইলৰ মূল্য বৃদ্ধি পাইছে।

দ্বিতীয়তে মাৰ্কিন ডলাৰৰ তুলনাত টকাৰ মূল্য ক্ৰমশঃ দুৰ্বল হৈছে। তৃতীয়তে আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে ডনাল্ড ট্ৰাম্পে শপতগ্ৰহণৰ বাবেই ভাৰতৰ শ্বেয়াৰ বজাৰত প্ৰভাৱ পৰিছে।

ভাৰতৰ লগতে কেইবাখনো দেশৰ ওৰত অতিৰিক্ত শুক্ল আৰোপ কৰাৰ হুংকাৰ পূৰ্বেই দিছে ট্ৰাম্পে। তাৰোপৰি ট্ৰাম্পকৰ H1B ভিছা নীতিয়েও ভাৰতক বিপদত পেলাব। আসন্ন এই বিপদৰ কথা অনুধাৱন কৰিয়েই ভাৰতৰ বজাৰত প্ৰভাৱ পৰিছে।

আন্তৰ্জাতিক ক্ষেত্ৰৰ এনে কিছু প্ৰভাৱে ভাৰতীয় বজাৰত প্ৰভাৱ পেলালেও অৱশ্যে ভাৰতৰ আভ্যন্তৰীণ ঘৰুৱা বজাৰো খুব স্থিৰ নহয়। পূৰ্বৰ দৰেই বিদেশী বিনিয়োগকাৰীসকলৰ মাজত নতুন বছৰৰ আৰম্ভণিতে শ্বেয়াৰ বিক্ৰী কৰাৰ প্ৰৱণতা দেখা গৈছে। তদুপৰি, কেইবাটাও অধ্যয়নত দাবী কৰা হৈছে যে ২০২৪-২৫ বিত্তীয় বৰ্ষত ভাৰতৰ জিডিপি বৃদ্ধি হ্ৰাস হ'ব পাৰে।

ইয়াৰ সাম্ভাব্য প্ৰভাৱে এতিয়াৰ পৰা শ্বেয়াৰ বজাৰক প্ৰভাৱিত কৰিবলৈ আৰম্ভ কৰিছে। কেন্দ্ৰীয় বাজেট ফেব্ৰুৱাৰীত সংসদত উপস্থাপন কৰা হ'ব। বাজেটত চৰকাৰৰ অৰ্থনৈতিক নীতিৰ ওপৰতেই পৰৱৰ্তী সময়ৰ বাবে শ্বেয়াৰ বজাৰৰ কিছু সমস্যা হ্ৰাস হ’ব বুলি আশা কৰা হৈছে।  

ড'নাল্ড ট্ৰাম্প শ্বেয়াৰ বজাৰ