কম মাটিতে ষ্ট্ৰবেৰী খেতিৰে ৩ গুণ লাভৰ সপোন সৰ্থেবাৰীৰ এক দম্পতীৰ…

কম মাটিতে ষ্ট্ৰবেৰী খেতিৰে ৩ গুণ লাভৰ সপোন সৰ্থেবাৰীৰ এক দম্পতীৰ…

author-image
asomiyapratidin
New Update
কম মাটিতে ষ্ট্ৰবেৰী খেতিৰে ৩ গুণ লাভৰ সপোন সৰ্থেবাৰীৰ এক দম্পতীৰ…

ডিজিটেল সংবাদ ,চেঙাঃ বৰপেটা জিলাৰ সৰ্থেবাৰীৰ নিকটৱৰ্ত্তী কামাৰপাৰাৰ উচ্চ শিক্ষিত আদৰ্শ কৃষক দম্পতী পৰমেশ্বৰ ডেকা আৰু জয়া বৰগোহাঞি ডেকাই যোৱা বছৰৰ দৰে এইবাৰো দুবিঘা কৃষিভূমিত কৰিছে ষ্ট্ৰবেৰীৰ খেতি। ষ্ট্ৰবেৰীৰ খেতিৰে স্বাৱলম্বী হোৱাৰ সপোন দেখিছে কৃষক দম্পতীয়ে। অসমত এতিয়া ষ্ট্ৰবেৰীৰ খেতি হৈ পৰিছে আশাৰ কিৰণ।

Advertisment

জৈৱিক পদ্ধতিৰে মাত্ৰ দুবিঘা মাটিত ষ্ট্ৰবেৰী খেতি কৰি এতিয়া তিনিলাখ টকা উপাৰ্জন কৰাৰ লক্ষ্য লৈছে আদৰ্শ কৃষক দম্পতী পৰমেশ্বৰ ডেকা আৰু জয়া বৰগোহাঞি ডেকাই। প্ৰায় দুবিঘা মাটিত ছয় হাজাৰ জোপা ষ্ট্ৰবেৰীৰ পুলি ৰোপণ কৰা পৰমেশ্বৰ ডেকাই এইবাৰ এই খেতিৰ জৰিয়তে প্ৰায় তিনি লাখ টকা উপাৰ্জন কৰাৰ লক্ষ্য স্থিৰ কৰিছে। মুখ্যমন্ত্ৰীৰ কৃষক সন্মান বঁটা লাভ কৰা পৰমেশ্বৰ ডেকাই কৃষি বিভাগৰ পৰা লাভ কৰিছে ষ্ট্ৰবেৰীৰ পুলিবোৰ।

দুবিঘা মাটিত ষ্ট্ৰবেৰীৰ পুলি ৰোপণ কৰাৰ নামত খৰচ হৈছে প্ৰায় পশিচ হাজাৰ টকা। ইতিমধ্যে বজাৰত বিক্ৰী কৰিবলৈ লৈছে ষ্ট্ৰবেৰী। আশা কৰা ধৰণে বিক্ৰী হৈছে ষ্ট্ৰবেৰী। বৰপেটা, হাউলী, বজালী, নলবাৰীৰ বিভিন্ন বজাৰৰ লগতে ঘৰৰ পৰাও গ্ৰাহকে ক্ৰয় কৰিছে ষ্ট্ৰবেৰী। প্ৰতিকিলোগ্ৰামত তিনিশ টকাৰ পৰা চাৰিশ টকালৈকে বিক্ৰী কৰিছে ষ্ট্ৰবেৰী।

উল্লেখ্য যে, যোৱা বছৰো দুবিঘা কৃষিভূমিত আঠ হাজাৰ ষ্ট্ৰবেৰীৰ পুলি ৰোপণ কৰিছিল যদিও মহামাৰী কৰোনাৰ বাবে দেশজুৰি হোৱা লকডাউনৰ ফলত বৃহৎ ক্ষতিৰ সন্মূখীন হৈছিল পৰমেশ্বৰ ডেকা আৰু জয়া বৰগোহাঞি ডেকাই। প্ৰতিকিলোগ্ৰামত চাৰিশ টকাকৈ বিক্ৰী হোৱা সুস্বাদু ষ্ট্ৰবেৰীবোৰ বজাৰলৈ নিব নোৱাৰাৰ বাবে যোৱা বছৰ খেতি-পথাৰতে নষ্ট হৈ গৈছিল ষ্ট্ৰবেৰী। তথাপিও ভাগি পৰা নাছিল এইহাল আদৰ্শ কৃষক দম্পতী। চলিত বৰ্ষতো অতি উৎসাহ আৰু সাহসেৰে কৰিছে সুস্বাদু ষ্ট্ৰবেৰীৰ খেতি।

এইগৰাকী আদৰ্শ কৃষক পৰমেশ্বৰ ডেকাৰ কৃষি বিভাগতো আছে সুনাম। ৰাজ্যৰ লগতে সৰ্বভাৰতীয় পৰ্যায়তো পৰমেশ্বৰ ডেকাই কৃষি বিভাগৰ বিভিন্ন আলোচনা চক্ৰত অংশগ্ৰহণ কৰি সৰ্থেবাৰী অঞ্চললৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। ইতিমধ্যে জাপান, দক্ষিণ আফ্ৰিকাৰ কৃষি বিজ্ঞানীৰ দলে পৃথকে পৃথকে ডেকাৰ খেতিপথাৰ পৰিদৰ্শন কৰি গৈছে। লক্ষ্যণীয় বিষয় যে, আদৰ্শ কৃষক ডেকাই ঘৰতেই জৈৱিক সাৰ প্ৰস্তুত কৰি সেই সাৰ খেতিপথাৰত প্ৰয়োগ কৰি কৃষক দম্পতীয়ে অঞ্চলজুৰি এক সুনাম কঢ়িয়াই আনিছে।

যোৰহাট কৃষি বিশ্ববিদ্যালয়ত অনুষ্ঠিত সৰ্বভাৰতীয় পৰ্যায়ৰ জৈৱিক পদ্ধতিৰ কৃষি-কৰ্মৰ ওপৰত হোৱা এক আলোচনা চক্ৰত অসমক প্ৰতিনিধিত্ব কৰিছিল আদৰ্শ কৃষক পৰমেশ্বৰ ডেকাই। যোৱা বছৰ ৬ আৰু ৭ মাৰ্চত মেঘালয়ৰ উমিয়ামস্থিত কেন্দ্ৰীয় কৃষি বিশ্ববিদ্যালয় (ইম্ফল) মনিপুৰ, উমিয়ামৰ উদ্যোগত উত্তৰ-পূৰ্বাঞ্চলকলৈ অনুষ্ঠিত কৃষি সম্পৰ্কীয় কৰ্মশালাত দক্ষতাৰ ভিত্তিত অসমৰ আদৰ্শ কৃষক পৰমেশ্বৰ ডেকাই প্ৰথম পুৰস্কাৰ লাভ কৰিছিল। উত্তৰ-পূৰ্বাঞ্চলৰ কৃষক , কৃষি বিভাগৰ ছাত্ৰ-ছাত্ৰীক লৈ "বায়'কন্ট্ৰল অৱ ক্ৰপ পেটচ এণ্ড ইনভেচিভেছ এণ্ড ইউটিলাইজেচন অৱ ইনভেষ্ট এছ ফুড ইন নৰ্থ ইষ্ট ৰিজিঅ'ন অৱ ইণ্ডিয়া শীৰ্ষক কৰ্মশালাত কৃষক হিচাপে সৰ্থেবাৰীৰ কামাৰপাৰাৰ আদৰ্শ কৃষক পৰমেশ্বৰ ডেকাই অংশগ্ৰহণ কৰে।

কৰ্মশালাত পৰমেশ্বৰ ডেকাই জৈৱিকভাৱে উৎপাদিত বেঙেনা আৰু ষ্ট্ৰবেৰী খেতিৰ বিষয়ে বক্তব্য প্ৰদান কৰি এই পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয়। ষ্ট্ৰবেৰী খেতিকে ধৰি ক'লা গাজৰ, আলু , গোকুলী কবি, ক'লা বিলাহী, বেঙেনা আদি ঋতুকালীন পাচলি খেতি কৰিও সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে পৰমেশ্বৰ-জয়াই। পৰমেশ্বৰ ডেকাৰ খেতিপথাৰলৈ বিভিন্ন সময়ত কৃষি বিভাগৰ বিষয়া-কৰ্মচাৰী অহাৰ উপৰিও বিদেশৰ কৃষি বিজ্ঞানী আহি ডেকাৰ কৃষিকৰ্ম দেখি আপ্লুত হৈছে।

উল্লেখ্য যে 'মনিপুৰী ব্লেক ৰাইচ'ৰ খেতি কৰিও আন এক সুনাম অৰ্জন কৰিছিল পৰমেশ্বৰ ডেকাই। যোৱা ৩ ডিচেম্বৰত পৰমেশ্বৰ ডেকাৰ কৃষিপথাৰত মেঘালয়ৰ উমিয়ামস্থিত কেন্দ্ৰীয় কৃষি বিশ্ববিদ্যালয়ৰ উদ্যোগত জৈৱিক কীটনাশক ঔষধ প্ৰয়োগৰ এখন সজাগতা সভা অনুষ্ঠিত হৈছিল। কৃষি বিশ্ববিদ্যালয়খনৰ দুই কৃষি বিজ্ঞানী ড৹ প্ৰণৱ দত্ত আৰু ড৹ মহেশ পাঠকে জৈৱিক কীটনাশক ঔষধ প্ৰয়োগ সন্দৰ্ভত কৃষকসকলক প্ৰশিক্ষণ দিছিল। মুখ্যমন্ত্ৰীৰ কৃষক সন্মান বঁটা-২০১৭ লাভ কৰিছিল পৰমেশ্বৰ ডেকাই। বিভিন্ন সময়ত এইহাল আদৰ্শ কৃষক দম্পতীয়ে বিভিন্ন দল- সংগঠনৰ পৰা বঁটা- সম্বৰ্ধনা লাভ কৰিবলৈ সক্ষম হৈছে।