বাধ্যতামূলক কৰাৰ পিছত প্ৰথম দিনাই দেশত বিক্ৰী ২.৫ লাখ টকাৰ ফাষ্টটেগ…

বাধ্যতামূলক কৰাৰ পিছত প্ৰথম দিনাই দেশত বিক্ৰী ২.৫ লাখ টকাৰ ফাষ্টটেগ…

author-image
asomiyapratidin
New Update
বাধ্যতামূলক কৰাৰ পিছত প্ৰথম দিনাই দেশত বিক্ৰী ২.৫ লাখ টকাৰ ফাষ্টটেগ…

ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় চৰকাৰৰ পৰিৱহন মন্ত্ৰালয়ে ১৫ আৰু ১৬ ফেব্ৰুৱাৰীৰ পৰা ফাষ্টটেগ বাধ্যতামূলক কৰাৰ পিছত প্ৰথম বাৰৰ বাবে দেশৰ প্ৰায় ২.৫ লাখ টকা মূল্যৰ ফাষ্টটেগ বিক্ৰী কৰিছে। ৰাষ্ট্ৰীয় শুল্ক নিয়ম ২০০৮ অনুসৰি কোনোধৰণৰ বাহন য'ত ফাষ্টটেগ লগোৱা হোৱা নাই তেওঁলোকে টোল প্লাজাত সোমোৱাৰ লগে লগে ভৰিব লাগিব দুগুন জৰিমনা।

Advertisment

দেশৰ প্ৰায় ৬৩০ টোল প্লাজাত এই নিয়ম প্ৰয়োজ্য হৈছে। খবৰ অনুসৰি দেশজুৰি ফাষ্টটেগ বিক্ৰীৰ বাবে ৪০,০০০ টা স্থান নিৰ্বাচন কৰা হৈছে। দেওবাৰে ঘোষণা কৰা মন্তব্যত মন্ত্ৰালয়ে স্পষ্টৰুপত কয় যে ডিজিটেল মাধ্যমত এই ব্যৱস্থা অব্যাহত আছে।