/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/08/jui-to.jpg)
ডিজিটেল ডেস্কঃ আপুনি ষ্টেট বেংকৰ গ্ৰাহক নেকি! তেন্তে আপোনাৰ বাবে নিশ্চয়কৈ এইটো এটা গুৰুত্বপূৰ্ণ খবৰ। দেশৰ সবোতোকৈ বৃহৎ বিত্তীয় প্ৰতিষ্ঠানটোৱে অচিৰেই বন্ধ কৰিব বৰ্তমান প্ৰচলিত হৈ থকা এ টি এম কাৰ্ডসমূহ।
প্লাষ্টিকেৰে নিৰ্মিত এই কাৰ্ডসমূহ বন্ধৰ বাবে কৰিব লগা সকলো কাম তীব্ৰ গতিত আগবঢ়াইছে প্ৰতিষ্ঠানটোৱে। ডিজিটেল পেমেন্ট চাৰ্ভিছক সম্প্ৰসাৰনৰ বাবেই এছ বি আইয়ে গ্ৰহণ কৰিছে এই সিদ্ধান্ত। প্ৰতিষ্ঠানটোৰ লক্ষ্য যে, আগন্তুক ১৮ মাহত বন্ধ কৰিব প্লাষ্টিকেৰে নিৰ্মিত এ টি এম কাৰ্ডসমূহ।
এছ বি আইৰ চেয়াৰমেন ৰজনীশ কুমাৰে সংবাদমাধ্যমক কয় যে- আমি আশাবাদী এ টি এম কাৰ্ড সমূহক লৈ আমি গ্ৰহণ কৰা এই সিদ্ধান্ত আমি সফলতা লাভ কৰিম। আৰু ডেৰ বছৰৰ পাছতে এ টি এম কাৰ্ড সমূহ বন্ধ হৈ পৰিব। ইয়াৰ পাছতে আৰম্ভ হব ডিজিটেল প্ৰক্ৰিয়া। তেও লগতে জনায় যে- দেশত ৯০ কোটি লোক ডেবিট কাৰ্ড আৰু ৩ কোটি লোকৰ এ টি এম কাৰ্ড আছে।
Worried about having your ATM Card cloned? Now triumph like Hima as you withdraw money without an ATM Card, using the #YONOCash feature on #YONOSBI. Download: https://t.co/yjDSsjkoWj
#StateBankofIndia #YONOSBI #YONOCash #HimaDas #BrandAmbassadors #CardlessWithdrawals #Secure pic.twitter.com/hkIjxklDFW
— State Bank of India (@TheOfficialSBI) August 19, 2019
বহুতৰ মনত প্ৰশ্ন উত্থাপন হব পাৰে যে কাৰ্ড নহলে কিদৰে গ্ৰাহকে ধন উলিয়াব পাৰিব। ইয়াৰো ব্যৱস্থা কৰিছে এছ বি আইয়ে। কাৰ্ড বন্ধ কৰাৰ লগে লগে গ্ৰাহকে ইন(YONO) জৰিয়তে উলিয়াব পাৰিব ধন। ইতিমধ্যে সমগ্ৰ দেশত ৬৮ হাজাৰ ইন চেন্টাৰ স্থাপন কৰা হৈছে।
এই ইন ব্যৱস্থাৰ যোগেদি গ্ৰাহকে বিনা কাৰ্ডেৰে উলিয়াব পাৰিব ধন। প্ৰথম পৰ্যায়ত দেশৰ ১৬,৫৫০ এ টি এম এই সুবিধা উপলদ্ধ কৰা হৈছিল। কিন্তু বৰ্তমান ইয়াৰ সংখ্যা বৃদ্ধি পাইছে। অহা ১৮ মাহত ইয়াৰ সংখ্যা ১০ লাখলৈ বৃদ্ধি কৰাৰী পৰিকল্পনা কৰিছে বেংকটোৱে।
উল্লেখ্য যে, চলিত বৰ্ষৰ মাৰ্চ মাহৰ পাৰ বেংটোৱে আৰম্ভ কৰিছে এই সেৱা। ধন উলিয়াব পৰা এই প্ৰক্ৰিয়া হৈছে সহজ আৰু সুৰক্ষিত। এক বিশেষ কডৰ জৰিয়তে সঞ্চালিত হব এই প্ৰক্ৰিয়া। এই কামসমূহ যথেষ্ট আগবঢ়োৱা হৈছে বুলিও জনায় এছ বি আই চেয়াৰমেন ৰজনীশ কুমাৰে