ভাৰতৰ ক্ৰীড়া সামগ্ৰী ৰপ্তানিয়ে ৩৭০০ কোটি অতিক্ৰম কৰিব…

ভাৰতৰ ক্ৰীড়া সামগ্ৰী ৰপ্তানিয়ে ৩৭০০ কোটি অতিক্ৰম কৰিব…

author-image
asomiyapratidin
New Update
ভাৰতৰ ক্ৰীড়া সামগ্ৰী ৰপ্তানিয়ে ৩৭০০ কোটি অতিক্ৰম কৰিব…

ডিজিটেল ডেস্কঃ ক্ৰীড়া সামগ্ৰী ৰপ্তানিৰ ক্ষেত্ৰত ভাৰতে এক নতুন গতি লাভ কৰাৰ সম্ভাৱনাই দেখা দিছে। ক্ৰীড়া সামগ্ৰী ৰপ্তানিৰ বজাৰখনত ভাৰতে ৩৭০০ কোটি টকা অতিক্ৰম কৰাৰ সম্ভাৱনাই দেখা দিছে। প্ৰকাশিত তথ্য অনুসৰি ভাৰতে ১৭০০ কোটি টকাৰ সম্ভাৱনা এতিয়ালৈকে অন্বেষণ কৰা হোৱা নাই।

মন কৰিবলগীয়া যে, চীন আৰু জাপানৰ পিছত ভাৰত এছিয়াৰ অন্যতম বৃহৎ ক্ৰীড়া সামগ্ৰী নিৰ্মাতা। ২০১০-১১ বৰ্ষত দেশৰ পৰা ক্ৰীড়া সামগ্ৰীৰ ৰপ্তানি আছিল ৭৩০ কোটি টকা। ২০১৯-২০ বৰ্ষত এই পৰিমাণ ২০৬৩ কোটি টকালৈ বৃদ্ধি পাইছিল। এক অধ্যয়নত প্ৰকাশ পাইছে ভাৰতৰ পৰা ক্ৰীড়া সামগ্ৰীৰ ৰপ্তানি বৃদ্ধি কৰাৰ যথেষ্ট স্থল আছে।

ভাৰতীয় ৰপ্তানি-আমদানি বেঙ্কে ইণ্ডিয়া এক্সিম বেঙ্কৰ গৱেষণা প্ৰতিবেদনত এই বিষয়ে দাবী কৰিছে। দেশত ক্ৰীড়া সামগ্ৰীৰ উৎপাদনৰ ৭০ শতাংশৰো অধিক উত্তৰ প্ৰদেশৰ মিৰাট আৰু পঞ্জাৱৰ জলন্ধৰৰ পৰম্পৰাগত গোটত আছে। আনহাতে ভাৰতত ৩০০ তকৈও অধিক প্ৰকাৰৰ ক্ৰীড়া সামগ্ৰী নিৰ্মাণ কৰা হয়।