/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/02/hafizur-1.jpg)
ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে স্পাইছজেট কৰ্তৃপক্ষই জানিবলৈ দিয়ে যে, তেওঁলোকে ফেব্ৰুৱাৰী মাহত আৰম্ভ কৰিছে ২৪ খন নতুন ঘৰুৱা বিমানসেৱা। দেশৰ ভিন্ন চহৰ বিশেষকৈ আজমিৰ, জেইচালমাৰ, আহমেদাবাদ আৰু বাংগালুৰ চহৰটো তেওঁলোকে আৰম্ভ কৰিব এই বিমান সেৱা।
বিমান সংস্থাটোৱে মন্তব্য কৰে যে বিমানযোগে আজমেৰৰ পৰা মুম্বাই আৰু আহমেদাবাদৰ পৰা অমৃতচৰ সংযোগ কৰা তেওঁলোক প্ৰথমটো বিমানসংস্থা।উল্লেখ্য যে, নতুন বিমানসমূহৰ ভিতৰত দিল্লী আৰু আহমেদাবাদৰ সৈতে ভাৰতৰ "গোল্ডেন চিটি" খ্যাত জয়চালমেৰক সংযোগ কৰা ৪ খন নতুন অংশকালীন বিমানসেৱাও অন্তৰ্ভুক্ত কৰিছে।
এই বিমানসংস্থাটোৱে ইয়াৰ উপৰিও আহমেদাবাদ-বেংগলুৰু, কলিকতা আৰু গুৱাহাটী আৰু গুৱাহাটী-দিল্লী সংযোগী দৈনিক বিমানসেৱা প্ৰচলনৰো ব্যৱস্থা কৰা হৈছে।অন্যহাতে সপ্তাহত ৪ দিনকৈ চুৰাট আৰু চেন্নাই সংযোগী বিমান সেৱা প্ৰচলন কৰিব এই স্পাইছজেট বিমান সংস্থাটোৱে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us