দক্ষিণ শালমাৰাৰ ফকিৰগঞ্জত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ বৃহৎ সাফল্য…

দক্ষিণ শালমাৰাৰ ফকিৰগঞ্জত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ বৃহৎ সাফল্য…

author-image
asomiyapratidin
New Update
দক্ষিণ শালমাৰাৰ ফকিৰগঞ্জত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ বৃহৎ সাফল্য…

ডিজিটেল ডেস্কঃ দক্ষিণ শালমাৰা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অতুল চন্দ্ৰ ৰায় প্ৰধানীৰ নেতৃত্বত ফকিৰগঞ্জ থানাৰ অন্তৰ্গত শালকাটা বাজৰত বৃহস্পতিবাৰে এক গোপন সুত্ৰৰ পম খেদি ড্ৰাগছ সৰবৰাহকাৰী বিৰুদ্ধে অভিযান চলাই বজাৰৰ দোকানী খয়বৰ ৰহমানৰ দোকানৰ পৰা বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেট উদ্ধাৰ কৰাৰ লগতে খানবৰক হাতেলোটে কৰায়ত্ব কৰিবলৈ সক্ষম হয়।

খয়বৰ ৰহমান ফকিৰগঞ্জ থানাৰ অন্তৰ্গত চিনাবাৰী গাওঁৰ প্ৰয়াত চান মিয়াৰ পুতেক। দীৰ্ঘদিনী ধৰি ফকিৰগঞ্জ থানাৰ এলেকাত এক অসাধু চক্ৰই ধ্বংসৰ যুৱ চামক ধ্বংসৰ গৰাহলৈ ঠেলি দিয়া মাৰাত্মক নিচাজাতীয় টেবলেট বিক্ৰী কৰি অহাৰ আৰক্ষীয়ে গোপন সম্ভেদ লাভ কৰি বৃহস্পতিবাৰৰ দিনটোতে দ্বিতীয়টো অভিযান চলাই সাফল্য লাভ কৰে আৰক্ষী চক্ৰ বিষয়া তথা দক্ষিণ শালমাৰা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অতুল চন্দ্ৰ ৰায় প্ৰধানীৰ নেতৃত্বত ফকিৰগঞ্জ আৰক্ষীয়ে।