চিৰাঙত বৃহৎ এলেকা জুৰি নিষিদ্ধ আফিং খেতিঃ আৰক্ষীয়ে কৰিলে নষ্ট..

চিৰাঙত বৃহৎ এলেকা জুৰি নিষিদ্ধ আফিং খেতিঃ আৰক্ষীয়ে কৰিলে নষ্ট..

author-image
asomiyapratidin
New Update
চিৰাঙত বৃহৎ এলেকা জুৰি নিষিদ্ধ আফিং খেতিঃ আৰক্ষীয়ে কৰিলে নষ্ট..

ডিজিটেল সংবাদ, চিৰাং: চিৰাঙৰ বাসুগাঁও থানাৰ অন্তৰ্গত তিলকগাঁও – চৰাইখোছৰা গাঁৱৰ চম্পাৱতী নৈৰ পাৰত সন্দেহজনক লোকৰ দ্বাৰা বৃহৎ এলেকা জুৰি নিষিদ্ধ আফিং খেতি কৰাৰ তথ্য পোহৰলৈ অহাৰ পিছত তিলকগাঁও-চৰাইখোছৰা গাঁওবাসীৰ তথ্যৰ ভিত্তিত অতি ক্ষীপ্ৰতাৰে চিৰাঙৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ মেধীৰ নেতৃত্বত উপ আৰক্ষী অধীক্ষক প্ৰতাপ দাস আৰু কাৰ্য্যবাহী দণ্ডাধীশ কুশল কলিতা সহযোগত আজি দুপৰীয়াৰ ভাগত বিশাল পুলিচ বাহিনীলৈ আফিং খেতিডৰাত অভিযান চলায়।

Advertisment

ইপিনে দূৰৰ পৰা অভিযানকাৰী আৰক্ষীৰ দলক দেখি নিষিদ্ধ আফিং খেতি কৰা লোক সকলে পলায়ন কৰে।অভিযানকাৰী আৰক্ষীৰ দলটোয়ে নিষিদ্ধ আফিং খেতিৰ ওপৰেদি ট্ৰেক্টৰ চলাই সম্পূৰ্ণ ৰূপে বিনষ্ট কৰি পেলায়।

স্থানীয় লোকৰ বাবে অচিনাকী এই আফিং গছক নতুন সব্জি বুলি মিছা কথা কৈ চকুত ধূলি দি চিৰাঙৰ এই জনবসতিৰ পৰা আঁতৰত চম্পাৱতী নৈৰ পাৰত কিছু সন্দেহজনক লোকে নিষিদ্ধ আফিং খেতি কৰিছিল বুলি প্ৰাথমিক অনুসন্ধানত ওলাইছে। কিন্তু আফিং খেতি কৰা মাটিডৰাৰ প্ৰকৃত মালিকক চিনাক্ত কৰিব পৰা নাই যদিও তদন্ত অব্যাহত ৰাখিছে।