গ্ৰেপ্তাৰ এছআই কেলেংকাৰীৰ আন ২জন অভিযুক্ত…

গ্ৰেপ্তাৰ এছআই কেলেংকাৰীৰ আন ২জন অভিযুক্ত…

author-image
asomiyapratidin
New Update
গ্ৰেপ্তাৰ এছআই কেলেংকাৰীৰ আন ২জন অভিযুক্ত…

ডিজিটেল ডেস্কঃ পুনৰ চৰ্চালৈ আহিছে এছআই কেলেংকাৰীৰ প্ৰসংগ। উপ-পৰিদৰ্শক নিয়োগ পৰীক্ষাৰ প্ৰশ্নকাকত কেলেংকাৰীত চিআইডিয়ে গ্ৰেপ্তাৰ কৰিছে আন দুজন অভিযুক্তক। অভিযুক্ত উপ আৰক্ষী অধীক্ষক কুমাৰ সঞ্জিত কৃষ্ণৰ সহযোগী অমৰজ্যোতি লহকৰ আৰু দেহৰক্ষী দীপজ্যোতি শালৈক মঙলবাৰে সন্ধিয়া আটক কৰিছে আৰক্ষীয়ে।

Advertisment

খবৰ অনুসৰি অমৰজ্যোতি লহকৰে ৪০ লাখ টকা সংগ্ৰহ কৰিছিল নিযুক্তিৰ না্মত। অন্যহাতে দেহৰক্ষী দীপজ্যোতিয়ে অমৰজ্যোতিক তেওঁৰ বাসগৃহত ধন হস্তান্তৰ কৰাত জড়িত আছিল। উল্লেখ্য যে বৰ্তমানলৈকে চিআইডিয়ে ৪০ লাখৰ ভিতৰত ১৮ লাখ টকা পুনৰুদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।

এছ পি কুমাৰ সঞ্জিত কৃষ্ণক বিগত বৰ্ষৰ ১৬ অক্টোবৰত গ্ৰেপ্তাৰ কৰা হৈছিল আৰু ২৫ নৱেম্বৰত তেওঁৰ জামিন নাকচ কৰা হৈছিল। অভিযুক্তজনৰ বিৰুদ্ধে বিগত বছৰৰ ডিচেম্বৰত চিআইডিয়ে দাখিল কৰিছে অভিযোগনামা। অন্যহাতে সকলো অভিযুক্তৰ ভিতৰত বৰ্তমানলকৈ ৮ জনৰ জামিন মঞ্জুৰ কৰা হৈছে।