/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/3c7cc38a-fc47-4b36-a5cd-3bd22992761d/stock_3.jpg)
বুধবাৰে পুৱাই ছেনছেক্স আৰু নিফটিয়ে গঢ়িলে অভিলেখ...
ডিজিটেল ডেস্কঃ প্ৰথমবাৰৰ বাবে বোম্বে ষ্টক এক্সচেঞ্জৰ ছেনছেক্সে স্পৰ্শ কৰিলে ৮০ হাজাৰৰ অংক। সেইদৰেও নিফটিও ২৪ হাজাৰ অতিক্ৰম কৰি ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছে। ভাৰতীয় শ্বেয়াৰ বজাৰত সৰ্বকালৰ ৰেকৰ্ড ভংগৰ ইংগিত দিলে বুধবাৰে বজাৰ আৰম্ভ হোৱাৰ কিছু সময়ৰ পাছতে।
বুধবাৰে বজাৰ আৰম্ভ হোৱাৰ লগে লগে ছেনছেক্স ৮০,০১৩ ত উপনীত হৈছে। একেদৰে নিফটিও ১৬৯ পইণ্ট বৃদ্ধি হৈ ২৪,২৯২ ত উপনীত হৈছে। ছেনছেক্সেত সৰ্বাধিক লাভৱান হৈছে এইছ ডি এফ চি বেংক। ইয়াৰ পাছতে তালিকাত আছে কোটাক বেংক, বাজাজ ফাইনেন্সআৰভি। আনহাতে লোকচানৰ সন্মুখীন হৈছে টি-মহিন্দ্ৰা, টি চি এছ, চান ফাৰ্মা, ইনফোচিছ আৰু ভাৰতী এয়াৰটেল।
বিগত সপ্তাহৰ পৰাই শ্বেয়াৰ বজাৰ ভাল হৈ আছে। বজাৰত ধুমুহাৰ গতিত উত্থান হৈ আছে। ইয়াৰ পূৰ্বে ছেনছেক্সে ৭৮,০০০ পইণ্ট অতিক্ৰম কৰিছিল। ইয়াৰ দুদিনৰ পিছত ৭৯,০০০ অতিক্ৰম কৰে। এতিয়া সেয়াও অতিক্ৰম কৰি ৮০ হাজাৰৰ ঘৰ অতিক্ৰম কৰিছে।
৪ জুনত লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ সময়ত শ্বেয়াৰ বজাৰত বৃহৎ পতন হৈছিল। বিনিয়োগকাৰীসকলে মূৰে, কপালে হাত দিবলগীয়া হৈছিল। অৱশ্যে ইয়াৰ পিছতে পৰিস্থিতি উন্নত হয় আৰু লাহে লাহে বৃদ্ধি হৈ ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছে।
Also Read: ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী কাৰো ভাষণতে নাই মণিপুুৰৰ কথাঃ নিজৰে মাজতে যুঁজি আছে জনতা...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us