ইন্সুৰেঞ্চ ৰেগুলেটৰী এণ্ড ডেভলপমেণ্ট অৰ্থৰিটি অফ ইণ্ডিয়াৰ অধ্যক্ষ পদত দেৱাশীষ পাণ্ডেক নিযুক্তি

ইন্সুৰেঞ্চ ৰেগুলেটৰী এণ্ড ডেভলপমেণ্ট অৰ্থৰিটি অফ ইণ্ডিয়াৰ অধ্যক্ষ পদত দেৱাশীষ পাণ্ডেক নিযুক্তি

author-image
asomiyapratidin
New Update
ইন্সুৰেঞ্চ ৰেগুলেটৰী এণ্ড ডেভলপমেণ্ট অৰ্থৰিটি অফ ইণ্ডিয়াৰ অধ্যক্ষ পদত দেৱাশীষ পাণ্ডেক নিযুক্তি

ডিজিটেল ডেস্কঃ প্ৰাক্তন আই এ এছ বিষয়া দেৱাশীষ পাণ্ডেক ইন্সুৰেঞ্চ ৰেগুলেটৰী এণ্ড ডেভেলপমেণ্ট অথৰিটি অফ ইণ্ডিয়া চমুকৈ IRDAI ৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে। উল্লেখযোগ্য যে, পাণ্ডা পূৰ্বতে বিত্ত মন্ত্ৰণালয়ৰ সচিব হিচাপে কৰ্মৰত আছিল। এপইণ্টমেণ্ট কমিটী অফ কেবিনেট চমুকৈ ACCএয়ে পাণ্ডাক এই গুৰুত্বপূৰ্ণ পদত নিযুক্তিৰ বাবে অনুমোদন জনাই শুকুৰবাৰে। তেওঁৰ কাৰ্যকাল হ'ব ৩ বছৰ।

উত্তৰ প্ৰদেশৰ ১৯৮৭ বেটছৰ আই এ এছ কেডাৰগৰাকীয়ে চলিত বৰ্ষৰ জানুৱাৰীত অৱসৰ গ্ৰহণ কৰিছিল। উল্লেখযোগ্য যে, শুভাষ চন্দ্ৰ কুণ্টিয়াই এই পদৰ পৰা অৱসৰ লোৱাৰ পিছত যোৱা ৯ মাহ ধৰি পদটো খালী হৈ আছিল।