১ অক্টোবৰৰ পৰা কাৰ্যকৰী হ’ব এছ বি আইৰ নতুন নিয়ম, পঢ়ক সবিশেষ…

১ অক্টোবৰৰ পৰা কাৰ্যকৰী হ’ব এছ বি আইৰ নতুন নিয়ম, পঢ়ক সবিশেষ…

author-image
asomiyapratidin
New Update
এছ বি আয়ে বন্ধ কৰিব ইন্টাৰনেট বেংকিং!

ডিজিটেল ডেস্কঃ ১ ছেপ্টেম্বৰৰ পৰা নতুন যান-বাহন আইন কাৰ্যকৰী কৰাৰ পাছতেই ষ্টেট বেংক অৱ ইণ্ডিয়াই ছাৰ্ভিচ চাৰ্জত কৰিব কিছু সাল-সলনি। অহা ১ অক্টোবৰ, ২০১৯ৰ পৰা কাৰ্যকৰী হ'ব এই নতুন নিয়ম। এই নতুন নিয়মত বেংকত ধন জমা কৰা, ধন উলিওৱা, চেক ব্যৱহাৰ, এটিএম ট্ৰানজেকশ্যন আদি ছাৰ্ভিচ সমূহ অন্তৰ্ভুক্ত হৈ আছে। এই ছাৰ্ভিচ সমূহৰ সাল-সলনিৰ বিষয়ে এছ বি আইৰ ৱেবছাইটত এক বিজ্ঞপ্তিও জাৰি কৰা হৈছে।

উল্লেখ্য যে, এছ বি আইৰ নতুন নিয়ম অনুসৰি ১ অক্টোবৰ, ২০১৯ৰ পাছত গ্ৰাহকে নিজৰ একাউণ্টৰ পৰা এমাহত মাত্ৰ ৩বাৰহে ধন বিনামূলীয়াকৈ জমা কৰিব পাৰিব। ইফালে, বেংক ছাৰ্ভিচ চাৰ্জত ১২ শতাংশ জিএছটি অন্তৰ্ভুক্ত কৰা হ'ব। অৰ্থাৎ চতুৰ্থ, পঞ্চম বা তাতকৈ অধিক বাৰলৈ ধন একাউণ্টত জমা দিব বিচাৰিলে আপুনি ভৰিব লাগিব ৫৬ টকা অধিক ধন। অৱশ্যে ১ অক্টোবৰৰ আগলৈকে গ্ৰাহকে যিমান বাৰ বিচাৰে ধন একাউণ্টত জমা ৰাখিব পাৰে আৰু ইয়াৰ বাবে কোনো অধিক ধন লোৱা নহয়।

ইফালে, যদি চেক বাউঞ্চ হয়, তেন্তে গ্ৰাহকে ভৰিবলাগিব ১৫০ টকা আৰু অতিৰিক্ত জি এছ টি। আৰু জিএছটি অন্তৰ্ভুক্ত কৰাৰ পাছত চেকবাউঞ্চ হোৱা গ্ৰাহকে ভৰিব লাগিব মুঠ ১৬৮ টকা পৰ্যন্ত। তদুপৰি এ টি এমৰ সন্দৰ্ভত কাৰ্যকৰীকৰা হ'ব নতুন নিয়ম। লগতে বেংকৰ শাখাসমূহত এন ই এফ টি আৰু আৰ টি জি এফো বৃদ্ধি কৰাহ'ব।

বেংকৰ শাখাৰ পৰা আৰ টি জি এফৰ কাৰণে ২লাখৰ পৰা ৫লাখ টকালৈ ২০ টকা আৰু ৫ লাখৰ পৰা তাতকৈ অধিক ধনৰ বাবে ৪০ টকাৰ লগতে জি এছ টি চাৰ্জভৰিব লাগিব। ঠিক একেদৰে এন ই এফ টিৰ কাৰণে ১০ হাজাৰৰ বাবে ২ টকা, ১০ হাজাৰৰ পৰা ১লাখ টকাৰ বাবে ৪ টকা আৰু ১ লাখৰ পৰা ২ লাখ টকাৰ বাবে ১২ টকা অধিক চাৰ্জ লোৱা হ'ব।