/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/12/sbi_0.jpeg)
ডিজিটেল ডেস্কঃ আজি বছৰৰ অন্তিমটো মাহৰ প্রথমটো দিন অৰ্থাৎ ১ ডিচেম্বৰ। আজিৰে পৰা অৱশ্যে সাল-সলনি কৰা হৈছে ভাৰতীয় ষ্টেট বেংকৰ কিছু নীতি-নিয়ম। এছ বি আয়ে সলনি কৰিছে মুঠ ৫টাকৈ নিয়ম। ইয়াৰে দুটা নিয়ম সলনি কৰাৰ উপৰিও কেতবোৰ নিয়ম সংশোধন কৰা হৈছে।
এছ বি আইত নতুন একাউণ্ট খোলাৰ সময়ত যদি আপুনি একাউণ্টৰ সৈতে নিজৰ ম'বাইল নম্বৰটো সংযুক্ত কৰা নাই তেন্তে বঞ্চিত হ'ব কিছু সুবিধাৰ পৰা। বেংক একাউন্টৰ সৈতে ফোন নম্বৰ ৰেজিষ্টাৰ নকৰিলে গ্ৰাহকে লাভ কৰিব নোৱাৰিব নেট বেংকিঙৰ সুবিধা। ফোন নম্বৰ ৰেজিষ্টাৰ কৰাৰ সময়সীমা আছিল চলিত বৰ্ষৰ ৩০ নবেম্বৰলৈ।
ইফালে, গ্ৰাহকৰ সুবিধাৰ্থে উপলব্ধ কৰোৱা 'এছ বি আই বডী' ম'বাইল এপটোও বন্ধ কৰি দিয়া হৈছে ৩০ নবেম্বৰৰ পৰা। এই এপটোৰ পৰিৱৰ্তে এতিয়াৰে পৰা উপলব্ধ হ'ব 'য়'নো' এপ। সেয়েহে গ্ৰাহকে যদি এছ বি আই বডী এপত ধন জমা কৰিছে তেন্তে সেই ধন উলিয়াবলৈ আহ্বান জনাইছে বেংক কৰ্তৃপক্ষই।
বেংকটোৰ নতুন নীতি-নিয়মৰ ভিতৰত আছে পেঞ্চন সম্পৰ্কীয় কিছু নতুন নিয়মাৱলী। উল্লেখ্য যে, ৩০ নবেম্বৰলৈ পেঞ্চনধাৰী সকলে নিজ নিজ পেঞ্চন সম্পৰ্কীয় নথি অথবা চাৰ্টিফিকেট জমা কৰাৰ সময়সীমা বান্ধি দিয়া হৈছিল। যদিহে কোনো গ্ৰাহকে নিৰ্ধাৰিত সময়ত নথিপত্ৰ জমা কৰা নাই তেন্তে হেৰুৱাব পাৰে পেঞ্চন একাউণ্ট।
আনহাতে, ১ ডিচেম্বৰৰ পৰা পেঞ্চন লোণৰ ক্ষেত্ৰতো প্ৰযোজ্য কৰা হৈছে নতুন নিয়ম। পূৰ্বে ৩০ নবেম্বৰলৈ ৭৬ বছৰ বয়সৰ ভিতৰৰ কোনো ব্যক্তিয়ে এছ বি আইৰ কোনো শাখাৰ পৰা পেঞ্চন লোণৰ ক্ষেত্ৰত দিব লগা হোৱা নাছিল প্ৰছেছিং ফী। কিন্তু এতিয়াৰে পৰা ভৰিব লাগিব এই ধন। উল্লেখযোগ্য যে, উৎসৱ-পাৰ্বনৰ প্ৰতি লক্ষ্য ৰাখি এই ধন জমা দিয়াৰ সময়সীমাও ৩০ ডিচেম্বৰলৈ বঢ়ায় দিয়া হৈছিল।
পিছে এই নতুন নীতি-নিয়মসমূহৰ ফলত গ্ৰাহকৰ সুবিধা-অসুবিধাৰ সন্মুখীন হ'ব সেয়া পৰৱৰ্তী সময়ত দেখা পোৱা যাব যদিও, ভাল খবৰ পোৱা গৈছে ড্ৰ'ন থকা সকলৰ বাবে। ১ ডিচেম্বৰৰ পৰা দেশত ড্ৰ'ন উৰুৱাৰ অনুমতি প্ৰদান কৰিব চৰকাৰে। এই নতুন নিয়মৰ অনুসৰি ড্ৰ'নৰ স্বত্ত্বাধিকাৰ বা চালকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব আৰু প্ৰত্যেক বাৰেই ড্ৰ'ন উৰুৱাৰ অনুমতি ল'ব লাগিভ। ইয়াৰ বাবে এটা উপলব্ধ কৰোৱা এটা বিশেষ এপত ল'ব পাৰিব এই ডিজিটেল অনুমতি।