ষ্টেট বেংকৰ গ্ৰাহকসকলৰ বাবে এটা ভাল খবৰ…

ষ্টেট বেংকৰ গ্ৰাহকসকলৰ বাবে এটা ভাল খবৰ…

author-image
asomiyapratidin
New Update
ষ্টেট বেংকৰ গ্ৰাহকসকলৰ বাবে এটা ভাল খবৰ…

ডিজিটেল ডেস্কঃ এছ বি আইৰ উপভোক্তা সকলৰ বাবে আছে এটা ভাল খবৰ। এছ বি আইৰ একাউন্ট থকা কোনো উপভোক্তাই যদি বিমান যাত্ৰা কৰিব খোজে, তেওলোকৰ বাবে এই ভাল খবৰটো।

দৰাচলতে এছ বি আই ডেবিট কাৰ্ডৰ জৰিয়তে কোনো উপভোক্তাই যদি বিমানৰ টিকট বুকিং কৰে তেন্তে তেওলোকে লাভ কৰিব ৮০০০ টকাৰ লৈকে ৰেহাই। অনলাইন ট্ৰেভেল কোম্পানী 'যাত্ৰা' ইপ্ৰদান কৰা এই ৰেহাই ২৬ জুনৰ পৰা ৩০ জুনলৈ প্ৰদান কৰা হৈছে।

এই ৰেহাই অনুসৰি ঘৰুৱা বিমান টিকটত ১২০০ টকাৰ লৈকে আৰু আন্তৰাষ্ট্ৰীয় বিমান টিকটত ১০ শতাংশ অথাৎ ৮০০০ টকাৰ লৈকে ৰেহাই লাভ কৰিব। এই ৰেহাই লাভ কৰিবৰ বাবে টিকটৰ মুল্য ৪০০০ৰ পৰা ২৫০০০ টকা পৰ্যন্ত হ'ব লাগিব। মন কৰিবলগীয়া কথাটো হ'ল যে, কেৱল এছ বি আইৰ ডেবিট কাৰ্ডৰ জৰিয়তেহে লাভ কৰিব এই ৰেহাই। ইয়াৰ বাবে উপভোক্তাই 'SBI19' প্ৰম ক'ড ব্যৱহাৰ কৰিব লাগিব। লগতে এই টিকট বুকিং কৰিব লাগিব Yatra.com ত।