ষ্টেট বেংকৰ বিশেষ অফাৰ, আপুনিও লাভ কৰিব পাৰে বিলাসী বাহন!…

ষ্টেট বেংকৰ বিশেষ অফাৰ, আপুনিও লাভ কৰিব পাৰে বিলাসী বাহন!…

author-image
asomiyapratidin
New Update
ষ্টেট বেংকৰ বিশেষ অফাৰ, আপুনিও লাভ কৰিব পাৰে বিলাসী বাহন!…

ডিজিটেল ডেস্কঃ দেশৰ সৰ্ববৃহৎ বিত্তীয় প্ৰতিষ্ঠান ষ্টেট বেংকে কোটি কোটি গ্ৰাহকক বাবে বিভিন্ন সময়ত বহু অফাৰ মুকলি কৰি আহিছে। শেহতীয়াকৈ এই বেংকটোৱে গ্ৰাহকসকলৰ বাবে মুকলি কৰিছে আন এক অফাৰ। এই অফাৰৰ জৰিয়তে কোনো গ্ৰাহকে লাভ কৰিব পাৰে হোণ্ডাই চে'ন্ট বাহন। বেংকৰ তৰফৰ পৰা টুইট কৰি জনাইছে যে, ইন এপৰ জৰিয়তে যদি কোনো গ্ৰাহকে হোণ্ডাইয়ে নতুনকৈ যোৱা ২১ মে'ত মুকলি কৰা ভেনো বাহনখন বুকিং কৰে তেন্তে ভাগ্যৱান গ্ৰাহকে চে'ণ্ট বাহন লাভ কৰাৰ সুযোগ আছে। ২ মে' ৰ পৰা আৰম্ভ হ'বলগীয়া এই অফাৰৰ বৈধতা আছে ৩০ জুনৰ লৈকে।

কি প্ৰক্ৰিয়াৰে বুকিং কৰিব এই ভেনো বাহন-

যদি আপোনাৰ মোবাইলত এছ বি আই ই'ন এপ নাই তেন্তে ডাউনল'ড কৰক।

এপটোত আপোনাৰ একাউন্ট নম্বৰ, কাষ্ট্ৰমাৰ আই ডিৰ জৰিয়তে পঞ্জীয়ন কৰাওক।

যদি আপুনি নেট বেংকিং কৰে তেন্তে ব্যৱহাৰকাৰীৰ নাম, পাৰ্চৱডৰ নিজৰ বিৱৰণ দিয়ক অন্যথা এটিএমৰ জৰিয়তে বিৱৰণ দিব পাৰে।

ইয়াৰ পাছতে আপোনাৰ মোবাইলত ইনষ্টল হ'ব ই'ন এপ। তাৰ পাছতে আপুনি বুকিং কৰিব পাৰিব হোণ্ডাই ভেন বাহন।