/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/08/LOLA.jpg)
ডিজিটেল ডেস্কঃ দেশৰ সৰ্ববৃহত বিত্তীয় প্ৰতিষ্ঠান ষ্টেট বেংকে এক বিশেষ সৰ্তকতাবাণী জাৰি কৰিছে। বিগত কেইটামান দিনৰ পৰা বিভিন্ন ৱেবচাইটত এছ বি আইত চাকৰি ওলাইছে ওলোৱা বিজ্ঞাপনত ভোল নাযাবলৈ সৰ্তক কৰি দিছে প্ৰতিষ্ঠাটোৱে। এছ বি আইৰ নামত ৱেবচাইট নিৰ্মাণ কৰি ফৰ্ম ফিলাপৰ যোৱা মেচেজৰ পৰা সৰ্তক হৈ থাকিবলৈ আহ্বান জনাইছে প্ৰতিষ্ঠানটোৱে।
যোৱা কিছুদিনৰ পূৰ্বে এছ বি আইত Senior Executiveৰ পদ খালী হৈ আছিল আৰু সেই পদকেইটাত ইচ্ছুক প্ৰাৰ্থীসকলক লৈ দুষ্ট চক্ৰই শেহতীয়াকৈ বিভিন্ন প্ৰাৰ্থীৰ পৰা ব্যক্তিগত নথিপত্ৰ বিচৰা কাৰ্যৰ পাছতে এই সৰ্তকতা জাৰি কৰিছে এছ বি আইয়ে। এছ বি আইয়ে স্পষ্ট কৰি দিয়ে যে, চাকৰিৰ সন্দৰ্ভত তেওঁলোকৰ সকলো তথ্য কেৱল https://www.sbi.co.in/careers আৰু https://bank.sbi/careersত হে প্ৰকাশ পাব।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us